গোৱালপাৰাত বজ্ৰপাতত এজন নিহত
খেতিপথাৰত পানী দিবগৈ এই শোকাৱহ ঘটনা ঘটে
গোৱালপাৰা চহৰৰ নিকটৱৰ্তী ২ নং বলদমাৰী চৰত আজি সন্দিয়া হোৱা ধুমুহাৰ বজ্ৰপাতত জমেৰ আলীৰ পুত্ৰ আনোৱাৰ আলী (১৬ )নামৰ যুৱক জন থিতাতে পৰি নিহত হয় ।জানিব পৰা মতে আজি দুপৰীয়াৰ প্ৰায় চাৰি মান বজাত যুৱক জনে ওচৰতে থকা নামা পাৰাত থকা ইৰি খেতি পথাৰত পানী দিবলৈ যায় । বতাহ বৰষুণ অহাৰ ফলত যুৱক জনে এডাল আম গছৰ তলত আশ্ৰয় লয় যদিও ঠিক তেনে সময়তে বজ্ৰপাত পৰি যুৱক জনৰ মৃত্যু ঘটে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। উক্ত ঘটনাৰ খবৰ লাভ কৰি গোৱালপাৰা সদৰ আৰক্ষী থানাৰ এদল আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ আহে।উল্লেখ্য যে যুৱক জন গোৱালপাৰা চহৰৰ পৃথিৰাম চৰকাৰী আৰু বহু মুখী বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল।ইপিনে যুৱকজনৰ সকাবহ অকাল মৃত্যুত উক্ত অঞ্চলৰ লগতে বিদ্যালটোৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক গভীৰ শোকৰ ছা পৰে। উল্লেখ্য যে সন্দিয়া হোৱা বাবেই হয়তো বাতৰি লিখা পৰলৈকে মৃত্যু দেহ পৰিয়ালৰ লোকক চমজাই দিয়া হোৱা নাই।
খেতিপথাৰত পানী দিবগৈ এই শোকাৱহ ঘটনা ঘটে

