মৰিগাঁও ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ
আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই জিলা খনৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত জিলা খনৰ বিভিন্ন অঞ্চলত দুৰ্যোগৰ সময়ত ৰাইজক চাউল ডালি মিঠাতেল আদি খাদ্য সামগ্ৰী যোগান ধৰে।
আছু কৰ্মীসকলে যতদূৰ সম্ভৱ ৰাইজক যিমান পাৰে সহায় কৰি আছে । জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত আৰু সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ এলেকাত এই কাৰ্যসূচী হাতত লোৱা হৈছে বুলি সদৰী কৰাৰ লগতে ৰাইজক লক-ডাউন মানি ঘৰতে কুশলে থাকিবলৈ বিনম্ৰ আহ্বান জনায় । আপোনালোকে প্ৰশাসন -স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰি স্বাস্থ্য বিধি মানি চলক ৷ অন্যহাতে জিলাখনৰ নৱম আৰু দশম মান শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকলৰ বাবে অনলাইন পাঠদানৰ কৰিবৰ বাবেও উপায়ুক্তক অৱগত কৰা হৈছে বুলি জিলা আছু সাধাৰন সম্পাদক দিপুল কুমাৰ নাথে জানিব দিয়ে ৷ আৰু এই ক্ষেত্ৰত উপায়ুক্ত ডাঙৰীয়াই কয় জিলা শিক্ষা বিষয়াৰ সৈতে আলোচনা কৰি বহুল পৰিসৰত অনলাইন শিক্ষাদানৰ আশ্বাস প্ৰদান কৰে ৷ আজিৰ এই কাৰ্যসূচীত জিলা আছুৰ উপসভাপতি দিব্যজ্যোতি বৰুৱা, সহকাৰী সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধি, সদৰ ছাত্ৰ সন্থাৰ সাধাৰণ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰণৱ বৰ্মন আৰু মনহা আঞ্চলিক ছাত্র সন্থাৰ কৰ্মী সকলে অংশ লয় ।