বৰপেটাৰ বন্তিপুৰ গাঁৱত পুখুৰীত পৰি দুই বছৰীয়া শিশুৰ সলিল সমাধি

 বৰপেটাৰ বন্তিপুৰ গাঁৱত পুখুৰীত পৰি দুই  বছৰীয়া শিশুৰ সলিল সমাধি
News Nation Digital 24X7


 দেশত  লক ডাউন অব্যাহত থকাৰ মাজতে কালি সন্ধিয়া বৰপেটা  সদৰ থানাৰ অন্তৰ্গত বন্তিপুৰ গাঁৱত এটি শিশুৰ সলিল সমাধি ঘটাৰ বাতৰিয়ে বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ সলিল সমাধি ঘটা শিশুটো বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ  অন্তৰ্গত দক্ষিণ বেতবাৰী  গাঁও পঞ্চায়তৰ বন্তিপুৰ  গাঁও নিবাসী আনোৱাৰ হুছেইনৰ শিশু কন্যা আনিছা আহমেদ (২ ) বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, কালি আবেলি   শিশুটোৱে  সমনীয়াৰ সৈতে খেলি আছিল।  যদিও শিশুটো সন্ধিয়াৰ পিচতো ঘৰত নহাত  বিচাৰ-খোচাৰ   কৰি ঘৰৰ পাছত থকা পুখুৰীত উপঙি থকা পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে। পিছত শিশুটোৰ মৃত দেহ পৰিয়ালৰ লোকে উদ্ধাৰ কৰে। আৰু স্থানীয় গাঁওবঢ়া নয়ান আলীয়ে ঘটণাস্থলীত উপস্থিত হৈ ফোনযোগে   বৰপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নৱজিৎ পাঠক আৰু বেতবাৰী মৌজাৰ ৬ নং  লাটৰ স্থানীয় লাট মণ্ডল নছিউৰ ৰহমানৰ  অৱগত মৰ্মে    সন্ধিয়া প্ৰায় আঠ   বজাত লক ডাউনৰ নীতি অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখি মাত্ৰ কেইজনমান ব্যক্তিয়ে শিশুটোৰ জানাজাৰ নামাজ সম্পন্ন কৰে। শিশুটোৰ মৃত্যুত স্থানীয় অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Post a Comment

Previous Post Next Post