বৰ অসমৰ খনিকৰ চাও ল্যুং চ্যুকাফাক লৈ পৰোচনামূলক মন্তব্যৰে টুইট কৰা গৰ্গ ছেটাৰ্জীৰ বিৰোদ্ধে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল অসমপ্ৰেমীৰ
TEOK:এফালে ক'ৰনা মহামাৰী আৰু আনফালে ভাৰত-চীন সীমান্তত যুদ্ধৰ দামামা৷ সীমান্তত বৰ্বৰ চীনা সৈন্যৰ হাতত মৃত্যু হ'ল ২০ জনকৈ ভাৰতীয় সেনা জোৱান৷ সমগ্ৰ ভাৰতে এই বৰ্বৰ ঘটনাৰ বাবে চীনক গৰিহণা দিছে৷ কিন্তু সমান্তৰালকৈ ভাৰতীয় নাগৰিক আৰু অসমৰ বাসিন্দাক চীনা লোকৰ সৈতে তুলনা কৰি পৰোচনামূলক বক্তব্য দিয়াৰ অভিযোগ তুলি গৰ্গ ছেটাৰ্জী নামৰ এজন নেতাৰ বিৰুদ্ধে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে আজি যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাত দাখিল কৰে এজাহাৰ৷ এজাহাৰখনত উল্লেখ কৰা অনুসৰি যোৱা ১৭ জুন তাৰিখে সন্ধিয়া ৯ বাজি ১৯ মিনিটত গৰ্গ ছেটাৰ্জীয়ে নিজৰ টুইটাৰ একাউন্টযোগে বৰ অসমৰ স্ৰষ্টা চাও ল্যুং চ্যুকাফাক চীনা আক্ৰমণকাৰী বুলি উল্লেখ কৰে৷ লগতে এইটোও উল্লেখ কৰে যে চ্যুকাফাৰ প্ৰতিমূৰ্তি স্থাপন কৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাইজৰ কৰৰ অপপ্ৰয়োগ কৰিছে৷ অসমৰ ইতিহাসৰ ওপৰত কিঞ্চিতো জ্ঞান নথকা গৰ্গ ছেটাৰ্জীয়ে অসমীয়াৰ প্ৰাতঃষ্মৰণীয় চ্যুকাফা, গৌৰৱোজ্জল ৬০০ বছৰীয়া আহোম শাসন, আহোম সম্প্ৰদায় আৰু অসমীয়া জাতিৰ ওপৰত কৰা বিকৃত আৰু উচটনিমূলক বক্তব্যত জাঙুৰ খাই উঠিছে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকক দেশৰ বিভিন্ন প্ৰান্তত বহু সময়ত নানাধৰণে ঠাট্টা-মস্কৰা কৰাৰ উপৰি অপৰাধমূলক কাণ্ড সংঘটিত কৰাৰ বাবে সংগঠনটোৱে গৰ্গ ছেটাৰ্জীৰ দৰে এনে লোককে দোষী সাব্যস্ত কৰে৷ কেৱল এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহুবাৰ সামাজিক মাধ্যমত অসমীয়াৰ সম্পৰ্কত বিকৃত আৰু উচটনিমূলক মন্তব্য প্ৰদান কৰি আহিছে এই নেতাজনে৷ কিন্তু এইবাৰ সকলো সীমা অতিক্ৰম কৰি মূখ্যমন্ত্ৰীকো অপমান কৰি ভাৱমূৰ্তি বিনষ্ট কৰাত উঠি পৰি লাগিছে গৰ্গ ছেটাৰ্জী৷ অসম, অসমীয়া আৰু অসমৰ ইতিহাসক বিকৃত কৰিলে স্বাভিমানী অসমীয়াই তাৰ প্ৰতিক্ৰিয়া দি'বই৷ কিন্তু অসম চৰকাৰৰ মূখ্যমন্ত্ৰীক কৰা অপমানৰ উত্তৰ চৰকাৰ তথা প্ৰশাসনে কিদৰে দিব সেয়াহে হ'ব লক্ষণীয় হব বুলি অভিহিত কৰিছে।

Tags
অসমীয়া বাতৰি