মৰিগাঁৱৰ কৃষকৰ মাজত টেক্টৰ বিতৰণৰ শুভাৰম্ভ কৰিলে মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে
মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আচনিৰ অধীনত আজি মৰিগাঁও জিলাৰ মুঠ ১২টা আত্মসহায়ক গোটৰ মাজত টেক্টৰ বিতৰণৰ শুভাৰম্ভ কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে এতিয়া খেতিৰ চিজন সেয়েহে জিলা কৃষি বিভাগৰ তৎপৰতাত গোট সমূহক বাচনি কৰি বিতৰণৰ ব্যৱস্থা কৰা হৈছে। লগতে বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰী গৰাকীয়ে কৃষকসকলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা এই আচনিখনত জাতি বৰ্ণ ধৰ্ম তথা দল নিৰ্বিশেষে উপযুক্ত কৃষকক দিয়া হৈছে ।কাৰণ কৃষকৰ কোনো জাতি নাই।মনকৰিবলগীয়া যে ইয়াৰ পূৰ্বে জিলা কৃষি বিভাগৰ উদ্যোগত ৮০খন টেক্টৰ বিতৰণ কৰা হৈছে বুলি মন্তব্য কৰি চৰকাৰে ৭০ ধন সাহাৰ্য্য দি কৃষকক কেৱল ৩০ শতাংশ ধন জমা দি এখন টেক্টৰ ক্ৰয় কৰিব পাৰিছে বুলি সোণোৱাল চৰকাৰৰে ৰূপায়ণ কৰা আঁচনি সমূহৰ বিষয়ে সদৰী কৰে।
আনহাতে এই টেক্টৰৰ বিতৰণ অনুষ্ঠানত মৰিগাঁৱৰ অগ্ৰণী ব্যৱসায়ী প্ৰতিষ্ঠান মহিন্দ্ৰ কোম্পানীৰ স্বত্বাধিকাৰী ভূৱন দাসে বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা কৃষি বিষয়া মাধুৰাম পাতিৰৰ প্ৰমুখ্যে কৃষি বিষয়াসকলক সম্বৰ্দ্ধনা জনাই।
উল্লেখযোগ্য যে এইবাৰ মৰিগাঁৱত ৩০০ টেক্টৰ বিতৰণৰ লক্ষ্য স্হিৰ কৰা হৈছে বুলি মন্তব্য কৰে জিলা কৃষি বিষয়া মাধুৰাম পাতিৰে।

Tags
অসমীয়া বাতৰি