জিলা প্ৰশাসনৰ সোপাধিলা নীতিৰ বাবে আজিও খোল খোৱা নাই টীয়কৰ ব্যৱসায়িক প্ৰতিষ্ঠান


 জিলা প্ৰশাসনৰ সোপাধিলা নীতিৰ বাবে আজিও খোল খোৱা নাই টীয়কৰ ব্যৱসায়িক প্ৰতিষ্ঠান
News Nation Digital 24X7

TEOK:যোৰহাট জিলা প্ৰশাসনৰ সোপাধিলা নীতিৰ বাবে আজিও টীয়কৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ খোলিব পৰা নাই ব্যৱসায়ী সকলে । তৃতীয় পৰ্যায়ৰ লক ডাউনৰ সময়চোৱাত ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰত জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিছিল যদিও আজি লক ডাউনৰ তৃতীয় পৰ্যায়ৰ দ্বিতীয় দিন পৰ্যন্ত প্ৰশাসনে কোনো নীতি নিৰ্দেশনা দিব নোৱাৰাত ব্যৱসায়ী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । টীয়কত টীয়ক ৰাজহ চক্ৰ বিষয়া গৰাকীৰ কেতবোৰ কাৰ্যৰ বাবে এতিয়া টীয়ক বাণিজ্য সন্থা আৰু ব্যৱসায়ী সকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ লগতে সন্থাৰ বিষয়ববীয়াৰে মতানক্যৰো সৃষ্টি হৈছে বুলি অভিযোগ উঠিছে একাংশ ব্যৱসায়ীৰ মাজত।ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰেছ মিট সম্বোধন কৰি টীয়কৰ দৰে অঞ্চলসমূহত দোকান খোলা নোখোলাক লৈ উচিত সিদ্ধান্ত চক্ৰ বিষয়াৰ যোগেদি ল'বলৈ আহ্বান জনাইছিল যদিও টীয়কত এই পৰ্যন্ত চক্ৰ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা কোনো ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে ব্যৱসায়ীসকল।উল্লেখযোগ্য যে চক্ৰ বিষয়া কাৰ্যালয়ে কালিৰ পৰা কেৱল টীয়ক বাণিজ্য সন্থাকে সকলো দ্বায়িত্ব অৰ্পণ কৰি সকলো দ্বায়িত্ব সামৰিছে যাৰ বাবে টীয়কৰ দৰে এই সৰু নগৰখনত এতিয়া ব্যৱসায়ীসকল বিমুৰত পৰা পৰিলক্ষিত হৈছে।




Post a Comment

Previous Post Next Post