হাবিতলীয়া বাটত যোৰহাটৰ যুৱতী, ক'লৈ গৈছে যুৱকৰ লগত?

 হাবিতলীয়া বাটত যোৰহাটৰ যুৱতী, ক'লৈ গৈছে যুৱকৰ লগত?
পথাৰে পথাৰে ৰ'দত কি কৰিছে? ল'কডাউনত কিহৰ সুবিধা লৈছে সৰ্বাইবন্ধাৰ বৰ্ণাভে?
News Nation Digital 24X7
হাবিতলীয়া বাটেৰে পথাৰৰ মাজেৰে ৰ'দে ৰ'দে গৈ যোৰহাট সৰ্বাইবন্ধাৰ স্বেচ্ছাসেৱী অনুষ্ঠান 'বৰ্ণাভ'ৰ যুৱক-যুৱতীয়ে বিচাৰি উলিয়াইছে দুৰ্দশাগ্ৰস্ত লোক, পৰিয়ালৰ জৰাজীৰ্ণ অৱস্থা। কৰ'না ভাইৰাছৰ আতংক, ক'ভিড- ১৯ৰ  ভয়াবহতা সম্পৰ্কত লোকসকলক সজাগ কৰে। বিশেষভাৱে সক্ষম আৰু দিব্যাংগক মাস্ক প্ৰদান কৰে। শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি দৈনিক হাজিৰা কামলৈ নগ'লেই নোহোৱা শ্ৰমজীৱী, ছপাশালৰ কৰ্মচাৰী, পুৱাই বাতৰি কাকত বিতৰণৰ বাবে অহা হকাৰ, বিভিন্ন প্ৰতিষ্ঠানৰ কৰ্মত নিয়োজিত হৈ ঘৰ চলোৱা যুৱতী আদি শ্ৰমিকক মাস্ক দিয়ে। নিঠৰুৱা বৃদ্ধা, নিৰাশ্ৰয় শিশু ভৱন তথা দ-গাঁও শিশু কল্যাণ কেন্দ্ৰতো বিতৰণ কৰে মাস্ক। সদস্য-সদস্যাসকল তিনিভাগত বিভক্ত হৈ দক্ষিণ যোৰহাটৰ উজনি জামুগুৰি, পাণগিৰীয়া, উলুতলীয়া,  বাঘমৰীয়া, ন-আলি, নামনি আৰু উজনি তিমতিমীয়া গাঁও, উত্তৰ যোৰহাটৰ এলেংমৰা, বালিগাঁও আদি অঞ্চল এই মাস্ক বিতৰণ অভিযানত অন্তৰ্ভুক্ত কৰে। জৰুৰী কৰ্মলৈ ওলাই অহা যিসকলৰ মাস্ক নাই আৰু যিসকল পথৰ বাসিন্দা সেইসকলকো ৰাস্তাতে একোখনকৈ মাস্ক প্ৰদানেৰে সজাগতা বৃদ্ধি কৰে বৰ্ণাভে। প্ৰয়োজন সাপেক্ষে শিশু আৰু গৃহিণীকো দিয়ে। দক্ষিণ যোৰহাটত বৰ্ণাভৰ সদস্য-সদস্যাসকলৰ সহা‌য়ক হয় ক্ষুব্ধ পত্ৰিকা আত্মপ্ৰকাশৰ সম্পাদক বিনোদ গগৈ আৰু কবি লাটু গগৈ। আৰম্ভণিতে বাঘচোঙত সংস্কৃতিবান দম্পত্তি বিনয় কুমাৰ শইকীয়া আৰু পূৰ্ণিমা শইকীয়াই বৰ্ণাভক আদৰণি জনায়।



Post a Comment

Previous Post Next Post