লকডাউনত ৰাজ্যত বিক্ৰী ১০০ কোটিৰ সুৰা, আবকাৰী ৰাজহ সংগ্রহ ৩৩ কোটি টকা
কোনাে ভাইৰাছৰ বাবে , সমগ্র দেশত চলি থকা লক ডাউনৰ মাজতাে সুৰাৰ বিপণীসমূহ খুলি দিয়াৰ লগে লগে গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰতিখন সুৰাৰ দোকানত অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে । এই সময়ছােৱাত ৰাজ্য চৰকাৰে দুবাৰকৈ সুৰাৰ বিপণী খােলাৰ নির্দেশ দিয়াত অসমত এতিয়ালৈকে প্রায় ১০০ কোটি টকাৰ বিলাতী সুৰা বিক্ৰী হৈছে । বিক্ৰী হােৱা এই বিলাতী সুৰাৰ পৰা ৰাজকোষলৈ যায় প্রায় ৩৩ কোটি টকা আবকাৰী ৰাজহ ।
উল্লেখযােগ্য যে ৰাজ্যৰ ৰাজকোষ টনকিয়াল কৰাত আবকাৰী ৰাজহে বিশেষ ভূমিকা গ্রহণ কৰি আহিছে । তথ্য অনুসৰি ২০১৬ - ১৭ বিত্তীয় বৰ্ষৰ পৰা ২০১৯ ২০ বৰ্ষলৈ বিগত চাৰি বছৰত আবকাৰী ৰাজহ সংগ্রহ হৈছে ৭ , ৭১৬ কোটি টকা । ইয়াৰে ২০১৮ ১৯ বিত্তীয় বৰ্ষত ২ , ৩৮১ . ৮৩ কোটি টকা আৰু ২০১৯ - ২০ বিত্তীয় বৰ্ষত ২ , ৪৫৪ কোটি টকা আবকাৰী ৰাজহ সংগ্রহ হৈছে ।