তিমতিমীয়াত থানেশ্বৰ বৰুৱাৰ মানৱীয়তা

তিমতিমীয়াত থানেশ্বৰ বৰুৱাৰ মানৱীয়তা
ল'কডাউনত অভাৱগ্ৰস্তক খাদ্য সামগ্ৰী প্ৰদান
News Nation Digital 24X7


   বিশ্বত  ক'ৰণা ভাইৰাছ ক'ভিড- ১৯ মহামাৰীৰ ভয়াবহতা আহি পৰাত আমাৰ দেশ ভাৰতত এই ব্যাধি প্ৰতিৰোধ সংক্ৰান্তত জৰুৰীকালীনভাৱে ল'কডাউন কৰিবলগীয়া হয়। অন্য ৰাজ্যৰ লগতে আপোন প্ৰদেশ অসমৰ সাধাৰণ প্ৰজা ক্ৰমে খাদ্য সংকটত পৰে। অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ যোৰহাটৰ কুঁৱৰী পুখুৰী অঞ্চলৰ দৈনিক উপাৰ্জনেৰে চলি থকা পৰিয়াল বিপাঙত পৰে। সেই অভাৱগ্ৰস্ত পৰিয়ালসমূহৰ তথৈবচ অৱস্থা হৃদয়ংগম কৰি উদাৰ ভাবাপন্ন চৰ্দাৰ আলি তিমতিমীয়া গাঁৱৰ ব্যৱসায়ী থানেশ্বৰ জিতুল বৰুৱাই সাধ্যানুযায়ী খাদ্য সামগ্ৰী প্ৰদান কৰে। তেখেতৰ ধৰ্মপ্ৰাণ পিতৃ কেশৰাম হিৰেন বৰুৱাৰ বদান্যতাত উজনি তিমতিমীয়া, নামনি তিমতিমীয়া, ধোৱাফদীয়া, ন-আলি ঢেকিয়াজুলি মুছলিম গাঁও, উত্তৰ হাতীচুঙী, দক্ষিণ হাতীচুঙী, মাজ গায়ন গাঁৱকে ধৰি সাত-আঠখনৰো অতিৰিক্ত গাঁৱৰ এশৰো অধিক উপায়হীন পৰিয়ালক চাউল, মচুৰ দাইল, মিঠাতেল, আলু, নিমখ আদিৰ প্ৰায় তিনিশ টকা মূল্যৰ খাদ্য সামগ্ৰী প্ৰদান কৰে। পত্নী তুতুমণী, পুত্ৰ হীৰক জ্যোতি, বোৱাৰী সীমাশ্ৰী, ভাতৃ তৰুণ আৰু নাতিনী প্ৰিয়াৰ সদিচ্ছাৰে ত্ৰিশ হাজাৰৰো অধিক ব্যয়েৰে অভাৱীক দুদিনৰ বাবে হ'লেও সকাহ দিয়াতো এই কালত স্বীকৃতি নিদিয়াকৈ থাকিব নোৱাৰে অভাৱগ্ৰস্তসকলে।বজাৰত সৰহকৈ খাদ্য সামগ্ৰী পাবলৈ নোহোৱা হোৱা পৰিস্থিতিত বহু কষ্টেৰে বয়-বস্তু আনি তেখেতে বদান্যতা দেখুৱালে। স্থানীয় সংবাদসেৱী বিনোদ গগৈয়ে এই কাৰ্যৰ ব্যৱস্থাপনাত ভাগ লয়। সাংবাদিক পবিত্ৰ মহন্তসহ আৰক্ষীও উপস্থিত থাকে। সংস্কৃতিবান যুৱক ক্ৰমে ঈশ্বৰপ্ৰদত্ত গগৈ, পৰেশ শইকীয়া, নৱজ্যোতি হেমাই, মানৱজাতি গগৈ আৰু কনিষ্ঠ অভিযন্তা গৌৰাংগ কিশোৰ বৰুৱাই আগবঢ়োৱা সহযোগিতাই আজিৰ প্ৰজন্মৰো সুচিন্তা প্ৰকট কৰিছে।



Post a Comment

Previous Post Next Post