বৰপেটাৰ বাঘবৰ‌ত লোমহৰ্ষক হত্যা‌কাণ্ড, এজনক চোকা অস্ত্ৰৰে হানি খুচি হত্যা

 বৰপেটাৰ বাঘবৰ‌ত  লোমহৰ্ষক হত্যা‌কাণ্ড, এজনক চোকা অস্ত্ৰৰে হানি খুচি হত্যা
News Nation Digital 24X7

সম্প্ৰতি দেশত বলবৎ হৈ থকা লক ডাউন চলি থকাৰ সময়তে বৰপেটা জিলাৰ ৪৫ নং বাঘবৰ বিধান সভা সমষ্টি তথা  বাঘবৰ থানাৰ অন্তৰ্গত আলী গাওঁ চৰৰ  এজন ব্যাক্তিক পৰহি নিশা ৮ - ৩০ বজাত ডেগাৰ আদি চোকা অস্ত্ৰ‌ৰে হানি-খুচি লোমহৰ্ষক ভাবে হত্যা কৰা‌ত বৃহত্তৰ অঞ্চল‌টোত তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়া‌ৰ সৃষ্টি হোৱা‌  পৰিলক্ষিত হৈছে। ঘটনাৰ বিৱৰণীমতে আলী গাঁও চৰৰ  ছিদ্দিক হুছেইন‌ৰ পুত্ৰ হজৰত আলী(৪৫)য়ে একে থানাৰ অন্তৰ্গত সাৰগাঁও‌ৰ মজিবৰ ৰহমান‌ৰ পুত্ৰ বদৰ আলীৰ ঘৰত সন্ধিয়া টি ভি চাই আছিল। বাঘবৰ থানাৰ অন্তৰ্গত সাৰ গাওঁৰ সহৰ আলীৰ পুত্ৰ হয়জুদ্দিন আৰু একে গাঁৱৰে মতিয়াৰ আলীয়ে হজৰত আলীক কৌশলেৰে সাৰ গাঁৱৰ জৰু মিয়াৰ পুত্ৰ ছামচুল হকৰ ঘৰৰ সন্মুখলৈ মাতি আনে। আৰু উক্ত ঠাইতে পৰিকল্পিত ভাবে  ছামচুল হক আৰু একাধিক ব্যাক্তিয়ে আগচি ধৰি হজৰত আলীৰ পেটত ডেগাৰ সুমুৱাই দিয়া‌ৰ লগতে চোকা অস্ত্ৰ‌ৰে শৰীৰৰ বিভিন্ন অংশ‌ত আঘাত হানে। গাওঁ‌বাসী আৰু পৰিয়ালৰ লোকে হজৰত আলীক পেটৰ নাড়ী ভুৰু ওলোৱা মুমূৰ্ষ অৱস্থাত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে হজৰত আলীক মৃত বুলি ঘোষণা কৰে। কালি পুৱাৰ ভাগত প্ৰয়াত হজৰত আলীৰ ভাতৃ হান্নান হুছেইনে বাঘবৰ থানাত, সাৰ গাঁৱৰ ক্ৰমে  ছামচুল হক, ছাহজাহান আলী, হয়জুদ্দিন, মতিয়াৰ আলী আৰু সত্ৰকনৰা ১৫ নং ছিটৰ ছিদ্দিক আলী আদিৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰিছে।  উল্লেখ্য যে, এজাহাৰত নাম উল্লেখ কৰা একাধিক ব্যাক্তিৰ লগত মাটিৰ সীমা আৰু ঘৰুৱা বিষয়‌লৈ মৃত হজৰত আলীৰ পৰিয়ালৰ লোকৰ সৈতে কিছুদিন‌ৰ পৰা কাজিয়া অব্যাহত আছিল। উক্ত হত্যা‌কাণ্ডত জড়িত বুলি অভিযুক্ত ছামচুল হক আৰু অন্যান্য সকলৰ বিৰুদ্ধে বাঘবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ বসুমতাৰীৰ নেতৃত্বত আৰক্ষীয়ে তীব্ৰ‌গতিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অৱশ্যে এই বাতৰি লিখা পৰলৈকে আচামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি বাতৰিত প্ৰকাশ।

Post a Comment

Previous Post Next Post