লকডাউনত অভাৱগ্ৰস্তৰ হাহাকাৰ
কডাউনৰ ম্যাদ যিমানেই বাঢ়িছে, সিমানেই বাঢ়িছে সাধাৰণ মানুহৰ দুখ-দুৰ্দশা । ক্ৰমে বাঢ়ি গৈছে জীৱনৰ জটিলতা - এমুঠি আহাৰৰ বাবে বাট চাই থকা মানুহৰ পেটৰ পোৰণি , অভাৱগ্ৰস্ততাৰ জীয়া বাস্তৱ হোমেশ্বৰ বৰা। লকডাউনে মানুহক কিমান বেছি অভাৱগ্ৰস্ততাৰ মাজলৈ ঠেলি দিব পাৰে কলিয়াবৰ কটিয়া গাৱঁৰ এই মুধছৰ জলঙাৰে তৰা গণিব পৰা জৰাজীৰ্ণ জুপুৰিটো নেদেখিলে অনুধাৱন কৰাটো কষ্টকৰ। পৰিয়ালটোৰ চোতালত উপস্থিত হ'লে যিকোনো হৃদয়বান লোকৰে অন্তৰ আত্মাই উচুপি উঠিব। একমাত্ৰ পুত্ৰৰ মৃত্যুৰ পিছত বিশেষভাৱে সক্ষম ,বৃদ্ধ হোমেশ্বৰেই একমাত্ৰ ভৰষা।দিন হাজিৰাই উপাৰ্জনৰ একমাত্ৰ উৎস পৰিয়ালটোৰ নাজল - নাথল অৱস্থা। বাৰিষাও আহিল - পৰিয়ালটোৱে এতিয়া পেটৰ পোৰনি মৰাৰ প্ৰচেষ্টা চলাব নে পানী পৰা জুপুৰি মেৰামতি কৰিব।