অমানিশা নামি আহিল টেন্ট হাউচেৰে জড়িত বহু যুৱকৰ পৰিয়াললৈ

লক ডাউনৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈছে টেন্ট হাউচৰ গৰাকী সকল 
অমানিশা নামি আহিল টেন্ট হাউচেৰে জড়িত বহু যুৱকৰ পৰিয়াললৈ
News Nation Digital24X7


TEOK===বহাগ মাহ টেন্ট হাউচৰ গৰাকী,অনুভাষ যন্ত্ৰৰ গৰাকী সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ মাহ । বছৰৰ অন্যান্য মাহৰ তুলনাত বহাগ মাহত টেন্ট হাউচ,অনুভাষ যন্ত্ৰৰৰ গৰাকী সকলৰ লগতে এই ব্যৱসায়ৰ সৈতে জড়িত সকলৰ ব্যস্ততা দুগুনে বৃদ্ধি পায় । কিয়নো এই মাহত বিবাহ অনুষ্ঠানকে ধৰি বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰে । কিন্তু এইবাৰ ব্যতিক্ৰম । বিশ্ব ব্যাপি ক'ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ ফলত সতৰ্কতাৰ বাবে অসমতো গ্ৰহন কৰা লক ডাউনৰ বাবে এইবাৰ দেখা পোৱা নাই এই ব্যস্ততা টেন্ট হাউচৰ গৰাকী সকলৰ ।বিপৰীতে টেন্ট হাউচৰ গৰাকী সকলৰ লগতে টেন্ট হাউচৰে জড়িত যুৱকসকলৰ পৰিয়ালত এতিয়া অমানিশা নামিছে । লক ডাউনৰ তৃতীয় পৰ্যায়ত চৰকাৰে কেতবোৰ ক্ষেত্ৰত শিথিলতা দিছে যদিও বিবাহ, সভা -সমিতি আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰাত টেন্ট হাউচৰ গৰাকী সকল,অনুভাষ যন্ত্ৰ ভাড়া দি জীৱিকা আৰ্জন কৰাসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ।নিজৰ ব্যৱসায়ত ব্যৱহৃত সামগ্ৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ক্ৰয় কৰা বহু টেন্ট হাউচৰ গৰাকী, অনুভাষ যন্ত্ৰৰ গৰাকীয়ে আগন্তুক দিনত কেনদৰে ঋন পৰিশোধ কৰিব এইলৈ এতিয়া সমস্যাৰ সন্মুখীন হৈছে । কিয়নো বহাগ মাহৰ দৰে অন্যান্য মাহত এওলোকৰ ব্যৱসায় আশানুৰূপ নহয় ।



Post a Comment

Previous Post Next Post