কৃষি মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত যোৰহাট জিলা কৃষি বিভাগৰ প্ৰশংসনীয় পদক্ষেপ
থলুৱা কৃষকক সকাহ দিয়াৰ বাবে বিশেষ তৎপৰতা অৱলম্বন
সমগ্ৰ দেশ, জাতি, বিশ্ব আজি মহামাৰী কৱলত কেওফালে কেৱল হতাশা দেশ স্তব্ধ, গৃহবন্দী প্ৰতিজন নাগৰিক । সমগ্ৰ দেশতে বিধস্ত বাণিজ্য ক্ষেত্ৰ , কৃষি ক্ষেত্ৰ । তেনেতে অসমৰ খাটি খোৱা থলুৱা কৃষকৰ সন্মুখলৈ আহিছে দুৰ্বিসহ জীৱন । আৰ্থিক ভাবে পিছপাৰ গাওঁৰ খাটি খুৱা বহু কৃষকৰ ফচল আজি বজাৰৰ অভাৱত পথাৰতে অপচয়৷ এই লক ডাউনৰ মাজতেই কৃষি ক্ষেত্ৰত এই সকল কৃষকৰ ফচল অপচয় হোৱাৰ সময়তে এই বিষয় সমূহ কৃষি মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত যোৰহাট জিলা কৃষি বিভাগৰ তৎপৰতাত নষ্ট হব ধৰা পাচলি সমূহ বিক্ৰী কৰাৰ ব্যৱস্থাই আশা কঢ়িয়াছে ভুক্ত ভুগি কৃষকলৈ । উল্লেখযোগ্য যে যোৰহাট জিলাৰ নিমাতি ঘাটৰ ৰঞ্জিত কলিতা আৰু ৰাজীৱ কলিতা নামৰ দুজন কৃষকৰ ওচৰত যোৱা ৩০ এপ্ৰিল তাৰিখে কৃষি মন্ত্ৰী অতুল বৰা উপষ্টিত হৈ কৃষি ভূমিত নষ্ট হোৱা ফচল সমূহৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰি তাক লৈ আলোচনা হৈছিল । উক্ত খেতিয়ক কেইজনৰ ফচল সমূহ যাতে কোনো কাৰণতে নষ্ট নহয় তাক লৈ গুৰুত্ব সহকাৰে দায়িত্ব লবলৈ জিলা কৃষি বিষয়া সকলক নিৰ্দেশ দিয়ে । মন কৰিব লগীয়া যে নিমাতি ঘাটৰ ৰঞ্জিত কলিতাৰ মুঠ ৪২ বিঘা মাটিৰ ২৫ বিঘাত ৰঙালাও, কেপস্বীকাম, জলকীয়া খেতি কৰিছিল আৰু ফচল ও ভবা মতেই পাইছিল । লক ডাউনৰ সমস্যাৰ বাবে পাচলি সমূহ বিক্ৰী কৰাত অসুবিধা হৈছিল যদিও যোৱা কালি যোৰহাট জিলা কৃষি বিষয়া ক্ৰমে দি এ অ বেণী মাধৱ বৰুৱা, এছ দি অ তনয় জ্যোতি গগৈ, নিতুমণি গগৈ, অমৃত শইকীয়া, এ দি অ ভাস্কৰ জ্যোতি ফুকন, সৌৰভ শৰ্মা উপস্থিত হৈ এই দুয়ো কৃষকৰ কৃষি ভূমি পৰিদৰ্শন কৰে আৰু নষ্ট হ’ব ধৰা পাচলি সমূহ বিক্ৰী কৰাৰ এক ব্যৱস্থা গ্ৰহন কৰে৷ যাৰ ফলত খেতিয়ক কেইজনে কিছু সকাহ পাইছে । প্ৰতি দিনেই কুইণ্টেল কুইণ্টেল হিচাবত বিক্ৰী কৰাৰ এক সু পৰিকল্পনা হাতত লৈছে বুলি বিভাগীয় কৰ্তৃপক্ষৰ পৰা জানিব পাৰিছো । বিভাগৰ এনে প্ৰদক্ষেপে থলুৱা কৃষক সকলক কিছু হলেও সকাহ দিব বুলি সচেতন মহলে মত পোষণ কৰাৰ লগতে তৎপৰতাৰে কাম কৰা জিলা বিষয়া সকলক ধন্যবাদ জ্ঞাপন কৰিছে ।