যোৰহাটত কৰ্তব্যৰত প্ৰশাসনিক বিষয়াই সাংবাদিকক কৰা দুব্যৱহাৰক আপকুৰ গৰিহনা
যোৰহাটৰ সাংবাদিক দিব্যজ্যোতি বৰাক মঙ্গল বাৰে এজন ছেক্টৰ মেজিষ্টেটৰ নেতৃত্বত এটা আৰক্ষী দলে ৰাজপথতে দুব্যৱহাৰ কৰা কাৰ্যক আপকুৰ যোৰহাট জিলা সমিতিয়ে তীব্ৰ গৰিহনা দিছে। সাংবাদিকৰ ওপৰত এনে দুব্যৱহাৰ কোনো কাৰনতে সহ্য কৰা নহ'ব বুলি ব্যক্ত কৰে আপকুৰ যোৰহাট জিলা সমিতিৰ সভাপতি দিলীপ ভূঞাই। আপকুৰ যোৰহাট জিলা সমিতিয়ে যোৰহাট জিলা প্ৰশাসনক ঘটনাৰ শীঘ্ৰে তদন্ত কৰি দোষী ছেক্টৰ মেজিষ্টেট গৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই। আনহাতে এই ঘটনাৰ প্ৰতিবাদত আজি সাংবাদিক সকলে কলা বেজ পৰিধান কৰি কৰ্তব্যত উপস্থিত থাকে।