আৰ্থিক সংকটত বৃক্ক ৰোগত আক্ৰান্ত টীয়কৰ উদিয়মান যুৱক
লক ডাউন আৰু দৰিদ্ৰতাই পেলাইছে গভীৰ সমস্যাত, বৃক্ক ৰোগত আক্ৰান্ত টীয়কৰ যুৱক সঞ্জয়ে পোৱা নাই উপযুক্ত চিকিৎসা
লক ডাউনৰ ফলতে সৰ্বতে সমস্যাৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ টীয়কৰ বৃক্ক ৰোগত আক্ৰান্ত এজন উদিয়মান যুৱক সঞ্জয় কাকতিয়ে পোৱা নাই উপযুক্ত চিকিৎসা যাৰ ফলত এতিয়া দিনক দিনে স্বাস্থ্যৰ অবনতি ঘটিছে যুৱকজনৰ।জগদুৱাৰ নতুন গাঁৱৰ মাইনা কাকতি আৰু জ্যোতি কাকতিৰ বৰ পুত্ৰ সঞ্জয় বৰ্তমান শয্যাগত,১৯ বছৰীয়া সঞ্জয় বিগত
পাঁচ মাহৰ পৰা বৃক্কৰ এক জটিল ৰোগত ভুগি আছে যদিও লগৰ বন্ধুবৰ্গৰ পৰা কেমেৰা ধাৰে লৈ বিবাহ সভাত ফটো তুলি কিছু উপাৰ্জন কৰি পৰিয়ালৰ বৰ পুত্ৰৰ দ্বায়িত্ব পালন কৰিছিল। প্ৰথম অৱস্থাত টীয়ক FRU হস্পিতালত আৰু যোৰহাট মেডিকেল কলেজত চিকিৎসা কৰি সুফল নোপোৱাত সঞ্জয়ক উন্নত চিকিৎসাৰ বাবে টীয়ক আৰক্ষীৰ থানাৰ সহায়ত ডিব্ৰুগড় মেডিকেল কলেজ অভিভাৱকে লৈ গৈছিল।কিন্তু ডিব্ৰুগড় মেডিকেল কলেজত বৰ্তমান ক'ৰোণাৰ বাবে সকলো ব্যস্ত হৈ থাকিব লগা হোৱাত তেওঁক ডিব্ৰুগড়ৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৰ্থৰ অভাৱত পৰিয়ালটিয়ে সেই চিকিৎসালয়ৰ পৰা পুনৰ ঘূৰি আহি ডিব্ৰুগড় মেডিকেল কলেজ হস্পিতালতে চিকিৎসা কৰিবলৈ অনুৰোধ জনায়।অৱশ্যে তাত সঞ্জয়ক চিকিৎসকে কেইটামান দৰব দি ঘৰলৈ পঠিয়াই দিয়ে কিন্তু আজি এসপ্তাহে কোনো সুফল নোপোৱাত মানসিক ভাৱে ভাগি পৰিছে পৰিয়ালটো। সেয়ে এতিয়া অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰীক সহায়ৰ বাবে কৰিছে কাতৰ আহ্বান। দিন হাজিৰা কৰি কোনোমতে পেটে ভাতে খাই থকা পৰিয়ালটো পুত্ৰৰ চিকিৎসা ব্যয় বহন কৰি ইতিমধ্যে সৰ্বোচ্চ হেৰুওৱাৰ লগতে বৰ্তমান সমগ্ৰ দেশতে চলি থকা লক ডাউনৰ বাবে গভীৰ সমস্যাত পৰিছে।কাকজান কলেজৰ স্নাতকৰ ছাত্ৰ হোৱাৰ লগতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সঞ্জয়ক এতিয়া প্ৰয়োজন উন্নত চিকিৎসাৰ।সেই বাবে উপায় অন্তৰ হৈ আৰ্থিক ভাবে জুৰুলা পৰিয়ালটোক সহায়ৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ টীয়কৰ শাখাত একাউন্ট নম্বৰ 37940242685( Ifsc-SBIN0001718) আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ কোনো সুহৃদয়বান ৰাইজক অনুৰোধ জনাইছে।