ইতিহাস হ'ল দুশ বছৰীয়া শিমলু গছ

ইতিহাস হ'ল দুশ বছৰীয়া শিমলু গছ 
দক্ষিণ যোৰহাটৰ চৰ্দাৰ আলিৰ এটা পৰিচয় বিলুপ্ত
News Nation Digital 24X7
দক্ষিণ যোৰহাটৰ পৰা বিনোদ গগৈ : দুই শতিকা গৰকা এজোপা শিমলু গছ আছিল দক্ষিণ যোৰহাটৰ ন-আলি চৰ্দাৰ আলি সংযোগ স্থানত। সেই অনুসৰি শিমলুতল নামেৰে পৰিচিত হয় ঠাইডোখৰ। ন-আলি গড় আলি চিনামৰা সংযোগী চৰ্দাৰ আলিৰ নামৰো ইতিহাস আছে। ফেদেলা নামেৰে তিমতিমীয়া গাঁৱত আছিল এজন বলৱান। তেখেতে ঘোঁৰাৰে চৰ্দাৰ দায়িত্ব পালনৰ বাবে টোকোলাই-চিনামৰা চাহ বাগিচালৈ আহযাহ কৰিবলৈ এই বাট মুকলাই লৈছিল বুলি জনা যায়। সমীপতে থকা চৰাইবাহীলৈ যোৱা পথটোৰ নামো হৈ পৰে চৰ্দাৰ আলি। সেয়ে, চিনামৰালৈ যোৱা চৰ্দাৰ আলি ন-আলি সংযোগ স্থান চৰ্দাৰ আলি শিমলুতল নামেৰে জনাজাত হয়। এই গাঁও-অঞ্চললৈ আহিবলৈ বিচৰা বাট চিনি নোপোৱাসকলক শিমলুজোপাক কেন্দ্ৰ কৰিয়েই বুজাবলৈ সহজ হয়। বাছ বা অন্যান্য পৰিবহণত আহিলে চৰ্দাৰ আলি শিমলু তলত নামিম বুলি কোৱা হয়। ইটো আলিও  পৰিচিত। সেয়ে, চৰ্দাৰ আলি শিমলুতল নামটোৱেই স্থায়ী হয়। এতিয়া শিমলু গছজোপা মৰিল। দুই-এটা শুকান ডালেৰে শুকান গা-গছডাল ঠিয় হৈ দুই শতিকাৰ অস্তিত্ব আৰু গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈহে যেন আপ্ৰাণ চেষ্টা কৰিছে। গছজোপাৰ মৰণত প্ৰকতিপ্ৰমীৰ বুকুত বিষ উঠিছে। সহ্য কৰিবলৈ কষ্ট পাইছে । এতিয়া পৰিচয় দিবলৈ, বাট বুজাবলৈ নাই সেই বৰবৃক্ষ ! তথাপি, কালৰ নিৰ্ণয় মানিবই লাগিব। অৱশ্যে, কালতকৈ মানুহৰ বাবে গছজোপাই কষ্ট পালে যেনো লাগে। যিকি নহওক শিমলু গছজোপা মৰিল যদিও নাম ৰাখিবলৈ, অস্তিত্ব ৰক্ষা কৰিবলৈ লকডাউনৰ নিয়ম মানি দেওবাৰে আগবেলা ১০.০০ বজাত সমীপতে শিমলু গছৰ পুলি ৰুবলৈ এক কাৰ্যসূচী হাতত লৈছে সচেতন লোকে।


Post a Comment

Previous Post Next Post