ক্ৰমাৎ প্ৰাণ চঞ্চলা হৈ উঠিছে লিমকা বুক অব ৰেকৰ্ড ত স্থান লাভ কৰা জখলাবন্ধা চহৰ
ক্ৰমাৎ প্ৰাণ চঞ্চলা হৈ উঠিছে লিমকা বুক অব ৰেকৰ্ড ত স্থান লাভ কৰা জখলাবন্ধা চহৰ । দিনটোৰ ২৪ ঘণ্টাই খোলা থকাৰ বাবে লিমকা বুক অব ৰেকৰ্ড ত স্থান লাভ কৰা চহৰ খন লক ডাউন ৰ বাবে যোৱা চল্লিছ দিন ধৰি নিমাও মাও হৈ আছিল। তৃতীয় পৰ্যায়ৰ লক ডাউন ৰ শিথিলতাৰ বাবে চৰকাৰী নীতি নিয়ম মানি খুলিছে কিছু দোকান-পোহাৰ , আৰম্ভ হৈছে মানুহৰ সমাগম । ক্ৰমাৎ ব্যস্ত হৈ পৰিছে চহৰ খনৰ মাজৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটোও । লক ডাউন ৰ শিথিলতা ৰ বাবে জখলাবন্ধা ৰ লগতে সমগ্ৰ কলিয়াবৰত মানুহৰ জীৱন যাত্ৰা যেন ক্ৰমাৎ স্বাভাৱিক হবলৈ আৰম্ভ কৰিছে ।