মৰিগাঁও তৰাবড়িত পঞ্চায়ত ৱাৰ্ড সদস্য তাণ্ডব

মৰিগাঁও তৰাবড়িত পঞ্চায়ত ৱাৰ্ড সদস্য তাণ্ডব
News Nation Digital 24X7


তৰাবৰি পঞ্চায়তত ৱাড সদস্য দুৰ্নীতি ।এই কথা আমাৰ নহয় পঞ্চায়তৰ অন্তগত এজন ৰাষ্ট্ৰীয় স্বয়ং সেৱক কৰ্মকৰ্তাৰ তথা সেই অঞ্চল যুবকৰ মন্তব্যহে। এই ব্যক্তি জনলৈ চাওঁক নাম নিলমনি নাথ,পেছাত মৰিগাঁও জিলা মিকিৰভেটা সদৰ থানা অন্তগৰ্ত তৰাবৰি গাঁও পঞ্চায়তৰ ৱাড সদস্য ।লকডাউনৰ সময়ত চৰকাৰে যোগান ধৰা সাহায্যত পঞ্চায়তৰ ৱাৰ্ড সদস্য জনৰ দুৰ্নীতি সন্দৰ্ভত   গাঁও খনৰ ৰাইজৰ স্বাৰ্থত এই যুৱক জনে উদ্ধতম বিষয়া তথা জিলা উপায়ুক্তক অবগত কৰাত আৰ্থিক ভাৱে দৰিদ্ৰ শিক্ষিত তথা ৰাষ্ট্ৰীয় স্বয়ং-সেৱক সংঘৰ এই যুবক জনক নিশা কিছু ব্যক্তিয়ে তেওঁক মাৰিবলৈ ঘৰত খেদি যায় আৰু পৰবৰ্ত্তী সময়ত বিভিন্ন গালি গালাজ কৰি দলটো ঘুৰি আহে।এই সন্দৰ্ভত যুৱক জনে কি কয় শুনক


এইবাৰ তেওঁ দিয়া চচিয়েল মেডিয়া তথা ফেচবুকত দিয়া এই মেচেজ কেইটালৈ চাওক ।কি লিখা আছে? যুৱক  তথা RSS ৰ কাৰ্যকৰ্তা জনক কোনোৱে যদি কৈছে ভিক্ষাৰী আৰু কোনোৱে আৰক্ষী ভয় দেখুৱাইছে।প্ৰথমে আপোনি হয়টো নিশ্চয় ধৰিব পাৰিছে।১০০০ টকা ভিক্ষাৰিক দান কৰিছো ।পিছে এই টকা কোনে কৰ পৰা আনি কাক দান কৰিলে শুনিলে হয়টো আপোনাৰ চকু কপালত উঠিব।প্ৰকৃততে এই টকা লকডাউনৰ সময়ত চৰকাৰে সাধাৰণ ৰাইজক পঞ্চায়তৰ জৰিয়তে প্ৰদান কৰা ধন হে।চৰকাৰি ধন সাধাৰণ লোকক প্ৰদান কৰি তেওঁ যুৱক জনৰ পৰিয়ালক ভিক্ষাৰি লগত তুলনা কৰি চচিয়েল মেডিয়াত ভিক্ষাৰিক প্ৰদান কৰা বুলি এক প্ৰকাৰ তাৰ্ছিল্য কৰে ।এই সন্দৰ্ভত যুৱক জনে প্ৰতিবাদ কৰাত জান মনি মহন্ত নামৰ স্থানীয় BJP নেটা গৰাকীয়ে RSS ৰ কৰ্মকৰ্তা জনক আৰক্ষী ভয় দেখোৱাই এক প্ৰকাৰ ধমক দিয়া দেখা যায়।
এতিয়া কথা হল কোন এইসকল দুৰ্নীতি গ্ৰস্ত প্ৰতিনিধি তথা  স্থানীয়  BJP নেটা ।এই সকলক মৰিগাঁও স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মীন অধ্যক্ষই কিবা ব্যবস্হা লবনে?নে এই সকলক সংঘৰ কৰ্মকৰ্তাক ভয় ভাবুকি দিবলৈ পুহি ৰাখিব ।সেইয়া পৰবৰ্ত্তী প্ৰতিবেদনত প্ৰকাশ কৰিম।



Post a Comment

Previous Post Next Post