বঙাইগাঁওৰ সৃজনগ্ৰামৰ কাছাৰিপেটীত অংগনাবাদী কৰ্মীৰ বিৰুদ্ধে শিশুখাদ্য আত্মসাতৰ অভিযোগ

 বঙাইগাঁওৰ সৃজনগ্ৰামৰ কাছাৰিপেটীত অংগনাবাদী কৰ্মীৰ বিৰুদ্ধে শিশুখাদ্য আত্মসাতৰ অভিযোগ
News Nation Digital 24X7

বঙাইগাঁও জিলাৰ অভয়াপুৰীত সমাজ কল্যান বিভাগৰ সৰহ সংখ্যক অংগনাবাদী কেন্দ্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ । সৃজনগ্ৰামৰ কাছাৰিপেটীত অংগনাবাদী কৰ্মীৰ বিৰুদ্ধে শিশুখাদ্য আত্মসাতৰ অভিযোগ । ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
 শিশুৰ খাদ্য আত্মসাৎ কৰি ৰাইজৰ ৰোষত পৰিব লগা হ'ল এগৰাকী অংগনাবাদী কৰ্মী। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সৃজনগ্ৰাম সংহত শিশু উন্নয়ন সেৱা সমিতিৰ অধীনস্থ কাছাৰিপেটী ১১৯ নং অংগনবাদী কেন্দ্ৰটোৰ কৰ্মী লুতফা খাতুনৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ প্ৰতিগৰাকী গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে আৱন্তিত পুষ্টিকৰ খাদ্য যোগানৰ নামত লুতফা খাতুনে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হয়। বিশেষকৈ প্ৰতিগৰাকী হিতাধিকাৰীৰ বিপৰীতে ৬ কিলোগ্ৰাম চাউল আৰু ২ কিলোগ্ৰাম মটৰমাহ দিব লাগে যদিও লুতফা খাতুনে ৩ কিলোগ্ৰাম চাউল আৰু ৭৫০ গ্ৰামকৈহে মটৰ দিয়াৰ উপৰিও চৰকাৰে বিনামুলীয়াকৈ যোগান ধৰা বুটৰ গুৰিৰ বাবদ ৫ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে, স্বামীৰে মিলি স্থানীয় ৰাইজক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰা দুৰ্নীতিগ্ৰস্ত অংগনবাদী কৰ্মী লুতফা খাতুনে নাজানে চৰকাৰী নীতি নিৰ্দেশনা। তেওঁৰ ম'তে নাই হেনো কোনো চৰকাৰী নিৰ্দেশনা। সামগ্ৰী কঢ়িওৱাৰ বাবদ সংগ্ৰহ কৰিছিল প্ৰতিটো পেকেটত ৫ টকাকৈ।

 উল্লেখ্য যে, শনিবাৰে অংগনাবাদী কৰ্মী লুতফা খাতুনৰ লুটপাতৰ বিৰোধিতা কৰি একাংশ পুৰুষ মহিলাই অংগনাবাদী কেন্দ্ৰটোত উপস্থিত হোৱাত লুতফা খাতুন আৰু তেখেতৰ স্বামীয়ে ৰাইজৰ সৈতে বিবাদত লিপ্ত হোৱাত পৰিস্থিত উত্তপ্ত হৈ পৰে। কৰ্মী গৰাকীৰ উক্ত দুৰ্নীতিৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ জিলা উপায়ুক্তক দাবী উত্থাপন কৰে স্থানীয় লোকসকলে।


Post a Comment

Previous Post Next Post