টীয়ক এফ আৰ ইউত সেৱা সপ্তাহৰ পঞ্চম দিনা জিলা বিজেপিৰ ফলমূল বিতৰণ
TEOK:দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন দেশজুৰি সেৱা সপ্তাহ হিচাপে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে।আজি সেৱা সপ্তাহৰ পঞ্চম দিনা যোৰহাট জিলা বিজেপিৰ কৰ্মীসকলে টীয়কৰ এফ আৰ ইউত ৰোগী তথা গৰ্ভৱতী মহিলা সকলৰ মাজত ফলমূল বিতৰণ কৰি উদযাপন কৰিছে সেৱা সপ্তাহ।যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক অমৰ শইকীয়া,প্ৰাক্তন সভাপতি জিতু হাজৰিকা,সম্পাদিকা ৰুমী চেতীয়া,জিলা কৃষাণ মৰ্চাৰ সভাপতি ত্ৰলোক্য ভূঞা, কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়া,যুৱ মৰ্চাৰ সভাপতি অজয় ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি ভালেসংখ্যক দলীয় সদস্যই উক্ত কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ লগতে বিজেপি দলৰ যিহেতু মূল উদ্দেশ্য সেৱা, সেয়ে এনেদৰেই বিভিন্ন কাৰ্যসূচীৰে অনাগত দিনতো ৰাইজৰ কাষত থাকি চিৰদিন সেৱা আগবঢ়াই যাব বুলি মন্তব্য কৰে কৰ্মীসকলে।
Tags
অসমীয়া বাতৰি
