ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত উজ্বলিছে টীয়কৰ আদ্ৰী

 ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত উজ্বলিছে টীয়কৰ আদ্ৰী



TEOK:কৰোণাৰ আতংকৰ বাবে সমগ্ৰ দেশতে বন্ধ হৈ আছে শিক্ষানুষ্ঠানসমূহ।অৱশ্যে অনলাইন যোগে শিক্ষানুষ্ঠানসমূহে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অব্যাহত ৰাখিছে নিয়মীয়া পাঠদান।তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি পঢ়া শুনা তথা ঘৰুৱা কাম কাজত অভিভাৱকক সহায় কৰাৰ  সমান্তৰালকৈ নিজ নিজ ৰাপ অনুসৰি নৃত্য,গীত,খেলা- ধূলাত আদিত ব্যস্ত হৈ পৰিছে।এনে ব্যস্ততাৰ মাজেৰে টীয়কৰ এগৰাকী দহ বছৰীয়া কনমানিয়ে নৃত্য পৰিবেশন কৰি এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিবলৈ সক্ষম হৈছে।হয়,যোৰহাট জিলাৰ  টীয়ক নগৰৰ ৩ নং ৱাৰ্ডৰ অচ্যুত মাৰ্গৰ নিবাসী লক্ষ্য দত্ত আৰু সংগীতা শইকীয়া দত্তৰ একমাত্ৰ কন্যা আদ্ৰী দত্তই চিৰাম জেনেৰেল ইঞ্চুৰেন্স কোম্পানীয়ে সৰ্বভাৰতীয় পৰ্য্যায়ত আয়োজন কৰা অনলাইন নৃত্য প্ৰতিযোগিতাত নিজ পাৰদৰ্শিতাৰে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে শীৰ্ষ ২৩  ভিতৰত অন্তভূক্ত হ'বলৈ সক্ষম হৈছে আৰু অহা দেওবাৰে অনলাইন যোগে চেমি ফাইনেল অনুস্থিত হ'ব। সেয়ে এতিয়া কণমানিজনী চুড়ান্ত পৰ্য্যায়ত উপনীত হ'বলৈ সকলোৰে মৰম আশীৰ্বাদ বিচৰাৰ লগতে তলৰ link টো like আৰু  share কৰি সকলোকে সহায় কৰিবলৈ অনুৰোধ জনাইছে আদ্ৰীয়ে।

Post a Comment

Previous Post Next Post