গোৱালপাৰা জেহাদীৰ উৎপাদন স্থলী , এই বিস্ফোৰক মন্তব্য সত্যৰঞ্জন বৰাৰ ।।
আজি বিয়লি প্ৰায় পাঁচমান বজাত গোৱালপাৰাত উপস্থিত হয় বিতৰ্কিত লেখক তথা বিজেপি কৰ্মী সত্যৰঞ্জন বৰা ।।
জয় শ্ৰী ৰাম ধ্বনিৰে চহৰখনত মিশ্ৰিত উখল মাখল।
গোৱালপাৰা পৰা উভতি যোৱাৰ পথত শোলমাৰী কালীমন্দিৰত সেৱা জনাই ।।
একাংশ সাংবাদিকৰে হোৱা কথা-বতৰাত "গোৱালপাৰা জেহাদীৰ উৎপাদন স্থলী " বুলি এক বিতৰ্কত বিস্ফোৰক মন্তব্য আগবঢ়ায় সত্যৰঞ্জন বৰাই ।।
কেৱল ইমানেই নহয় গোৱালপাৰাত হেনো ৰাভা,বড়ো, কছাৰী সম্প্ৰতি সংখ্যালঘু হোৱাৰ পথত । কাৰণ গোৱালপাৰাত পি এফ আই এজেন্টৰ কৰোৱাৰ চলে, ইয়াৰ পৰা জেহাদী ও ধৰা পৰে বুলিও ভাষ্য প্ৰদান কৰে।
গোৱালপাৰাত ৰাভা,বড়ো, কোচ আৰু জনজাতি সকলে হিন্দু সমাজত একত্ৰিত হৈছোঁ গতিকে হিন্দু সমাজৰ হৈ আলোচনা চলি আছে আৰু পৰৱৰ্তী সময়ত মত পোষণ কৰিব বুলি সাংবাদিকৰ আগত কয় ।
সত্যৰঞ্জনৰ বৰাৰ এনে সাম্প্ৰদায়িক মন্তব্যই জিলাবাসীৰ সাতাম পুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰী ডালত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি শংকিত হৈ পৰিছে একাংশ সমাজ সচেতন লোকে ।।
Anisul Zaman... Goalpara...18/09/2020
Tags
অসমীয়া বাতৰি
