মৰিগাঁও জিলাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰপবিতৰা অভয়াৰণ্যত বন্যপ্ৰাণীক খাদ্য যোগান

মৰিগাঁও জিলাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰপবিতৰা অভয়াৰণ্যত  বন্যপ্ৰাণীক খাদ্য যোগান
 


পুলিন কাকতি ভূৰবন্ধা ১ আগষ্ট :::::
বলিয়া বানৰ তান্দবত সমগ্ৰ মৰিগাওঁ জিলাৰ প্ৰায় বোৰ অঞ্চল বৰ্তমান পানীৰ তলত, ইফালে কৰণাৰ জটিল পৰিস্থিতিৰ লগতে বানৰ লগতো যুদ্ধ দিবলগীয়া হোৱাৰ ফলত জিলা খনৰ বেছি সংখ্যক লোকৰ অবস্হা একেবাৰে দুখজনক হৈ পৰিছে। বিগত বছৰ দৰে খেতি-মাটি,ঘৰ-দুৱাৰ,জীৱ-জন্তু আদি সকলো বিস্তৰ ক্ষতি সাধন হৈছে।

এই বিপদৰ সময়তো নৱ গঠিত মৰিগাঁও জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ তত্বাৱধানত সকলো কাৰ্য্যকতাই বিভিন্ন অঞ্চলৰ পৰিদৰ্শন কৰি বুজ লোৱা লগতে বুঢা মায়ং আৰু পবিতৰা অভয়াৰণ্যৰ জীৱ কুলৰ কাৰণে এক ট্ৰাক ঘাহ আৰু কলগছ যোগান ধৰা হয়, লগতে অনাগত জতিল পৰিস্থিতিতো এনেধৰনে জীৱ কুলৰ কাৰণে সহায় হাত আগবঢ়োৱা হব বুলি সভাপতি জিতুমনি দাসে জানিব দিয়া লগতে সাধাৰণ সম্পাদক দ্বীপমনি হীৰাএয়ো কই যে মৰিগাঁও জিলাখনৰ অন্য এক গৌৰৱ পবিতৰা অভয়াৰণ্য সেয়েহে জীৱ কুলৰ সংৰক্ষনৰ কাৰণে স্থায়ী সমাধান অৰ্থাৎ হাইলেন্দ আৰু বৃদ্ধি কৰিব লাগে বুলি অসম চৰকাৰৰ বন বিভাগক দাবী কৰে |

দলটোত উপস্থিত থাকে জিলাৰ উপ সভাপতি ভাস্কৰ জ্যোতি মেধি, সহ সম্পাদক দিপেন দাস, প্রচাৰ সম্পাদক চমৰ দাস, পিংকু দাস,অৰুণ হীৰা, দাদুল দাস, জ্যোতি প্ৰসাদ মেধি, মিন্টু দাস, বিজয় দাস,দুচমন্ত দাস,চন্দন হীৰা,হেমন্ত দাস |

Post a Comment

Previous Post Next Post