মৰিগাঁৱৰ নেলীত উদীয়মান আদৰ্শ কৃষক প্ৰভাকৰ ডেকাৰ ড্ৰেগন ফ্ৰুইটৰ কৃষি পামৰ শুভাৰম্ভ জিলা উপায়ুক্ত ঋতুৰাজ বৰাই

মৰিগাঁৱৰ নেলীত উদীয়মান আদৰ্শ  কৃষক প্ৰভাকৰ ডেকাৰ  ড্ৰেগন ফ্ৰুইটৰ কৃষি পামৰ শুভাৰম্ভ  জিলা উপায়ুক্ত ঋতুৰাজ বৰাই

মৰিগাঁও ২২ আগষ্ট
 মৰিগাঁও জিলাৰ উদীয়মান আদৰ্শ কৃষক প্ৰভাকৰ ডেকাৰ ড্ৰেগন ফ্ৰুইটৰ কৃষি পাম এখন আজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি নেলীত শুভৰাম্ভ কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰা আৰু মৰিগাঁও জিলা প্ৰাক্তন আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই । দমালৰ বেতনীত বিভিন্ন তৰহৰ কৃষি উপৰিও  ফল মূল,ড্ৰেগন ফ্ৰুইট  আদি   খেতিৰ জৰিয়তে নিজে স্বাবলম্বীতা হোৱাৰ লগতে আন্তঃ ৰাষ্ট্ৰীয় কৃষকৰ  পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ডেকাই পুনৰ নতুন উদ্যমেৰে ড্ৰেগন ফ্ৰুইটৰ খেতিত নামি পৰিছে। মৰিগাঁও কৃষি ক্ষেত্রত এক নতুন কৃষি বিপ্লৱৰ সূচনা কৰি  মৰিগাঁও জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নেলীৰ উৰণীয়া সেতুৰ কাষতে  ৩ বিঘাৰ মাটিৰে  আৰম্ভ কৰিছে ড্ৰেগন ফ্ৰুইটৰ কৃষি। জাগীৰোডৰ উদীয়মান কৃষক হিমাংশু আগৱালাৰ সহযোগত আৰম্ভ কৰা নেলীৰ ড্ৰেগন ফ্ৰুইটৰ কৃষি পামৰ শুভাৰম্ভ অনুষ্ঠানত  উপস্থিত  থাকে সমাজ সেৱীকা বৰ্ণালী গগৈ ডেকা,জিলা কৃষি বিভাগৰ  ক্ষেত্র কৃষি পৰিদৰ্শক ইউছুফ আলী , জিলা মিডিয়া  ক্লাবৰ সভাপতি ৰাতুল ডেকা, জ্যেষ্ঠ  সাংবাদিক ৰিতুমণি মহন্ত,  মৰিগাঁও সাংবাদিক সন্হাৰ সম্পাদক জিতু মণি নাথ আৰু জিতুমণিদাসকে ধৰি কেইবাজনো জ্যেষ্ঠ সাংবাদিক । আনহাতে উক্ত  শুভাৰম্ভ অনুষ্ঠানৰ লগত সংগতি ৰাখি   সদৌ অসম কৃষক সংঘৰ সম্পাদক তুলসী ডেকা,প্ৰকৃতি প্ৰেমী হিতেশ শৰ্মা,দেবেন দাসক সম্বৰ্দ্ধনা  জনাই । আমেৰিকাৰ বিলাসী তথা অতি শক্তিদায়ক ফল বিধ ৰোপনৰ  শুভাৰম্ভ অনুষ্ঠানটো সুন্দৰ ভাৱে আঁতধৰে  ঔজাৰি কৃষি পামৰ পৰিচালক দিব্যজ্যোতি হাজৰিকাই।

Post a Comment

Previous Post Next Post