প্ৰতিদিন গোষ্ঠীৰ শিক্ষকক লৈ কৰা মন্তব্যত জাঙোৰ খাই উঠিছে ৰাজ্যৰ শিক্ষক সকল

প্ৰতিদিন গোষ্ঠীৰ শিক্ষকক লৈ কৰা মন্তব্যত জাঙোৰ খাই উঠিছে ৰাজ্যৰ শিক্ষক সকল
প্ৰতিদিন গোষ্ঠীয়ে  শিক্ষকক লৈ  কৰা মন্তব্যত জাঙোৰ খাই উঠিছে ৰাজ্যৰ শিক্ষক সকল। যোৱা ১১ জুলাই,২০২০ শনিবাৰে অসমীয়া প্ৰতিদিন বাতৰি কাকত খনে লকডাউনৰ সময়ত দৰমহা পোৱাক লৈ  ৰাজ্যৰ শিক্ষক সকলৰ বিৰুদ্ধে এক প্ৰতিবেদন প্ৰকাশ কৰিছিল । ইয়াৰ পিছতেই ৰাজ্যৰ শিক্ষক সকল জাঙোৰ খাই উঠিছে প্ৰতিদিন গোষ্ঠীৰ উক্ত মন্তব্যক লৈ। শিক্ষক সকলৰ পৰা জানিব পৰা গৈছে যে উক্ত মন্তব্যই ৰাজ্যৰ শিক্ষক সকলক অপমানিত কৰিছে। লকডাউনৰ সময়ত বহুতো শিক্ষক কোৰোনাৰ বাবে ৰাজ্যৰ বিভিন্ন কোৰোনটাইন কেন্দ্ৰত কৰ্তব্যত নিয়োজিত হৈ আছে। তদুপৰি অনলাইন ক্লাছকে ধৰি আন আন দ্বায়িত্বত নিয়োজিত হৈ আছে। আনকি বহু শিক্ষকক বানপানীৰ বাবে বিভিন্ন দ্বায়িত্বত চৰকাৰে নিয়োজিত কৰা বুলি জানিব পৰা গৈছে। শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰি নিৰ্বাচন, NRC, Census, কোৰোনা আদিকে ধৰি বিভিন্ন সময়ত বিভিন্ন দ্বায়িত্ব নিষ্ঠাৰে পালন কৰি অহাৰ পাছতো প্ৰতিদিন গোষ্ঠীৰ এনেকুৱা বাতৰি প্ৰকাশত ৰাজ্যৰ শিক্ষক সকলৰ জাঙোৰ খাই উঠিছে।

Post a Comment

Previous Post Next Post