meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> ভূৰাগাঁৱৰ দুই আইনৰ ছাত্ৰৰ প্ৰসংশনীয় পদক্ষেপ। দৰিদ্ৰ বানাক্ৰান্ত পৰিয়ালক টিনপাত বিতৰণ।

ভূৰাগাঁৱৰ দুই আইনৰ ছাত্ৰৰ প্ৰসংশনীয় পদক্ষেপ। দৰিদ্ৰ বানাক্ৰান্ত পৰিয়ালক টিনপাত বিতৰণ।

ভূৰাগাঁৱৰ দুই আইনৰ ছাত্ৰৰ প্ৰসংশনীয় পদক্ষেপ, দৰিদ্ৰ বানাক্ৰান্ত পৰিয়ালক টিনপাত বিতৰণ

নেৰা-নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অব্যাহত আছে বাঢ়নী পানীৰ তাণ্ডৱ। সমান্তৰালভাৱে মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল ভূৰাগাঁৱতো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে। প্ৰতি মূহুৰ্ততে বৃদ্ধি পাইছে জলস্তৰ। বানত বুৰ গৈছে শ'শ লোকৰ বাসগৃহৰ লগতে বিভিন্ন ধৰণৰ খেতি পথাৰ। মানুহৰ লগতে পহুধনো খাদ্য সংকটৰ পৰা পৰিলক্ষিত হৈছে। বহুলোকে নিজৰ লাম-লাটুক খিনি লৈ ওখ ঠাই বিচাৰি ঢাপলি মেলিছে। এনে সয়মতে বালিডোঙা গাঁৱত এটা অতি দৰিদ্ৰ বানাক্ৰান্ত পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিল গুৱাহাটীৰ বিষ্ণুৰাম মেধি আইন মহাবিদ্যালয়ৰ ভূৰাগাঁও অঞ্চলৰ দুজন আইনৰ ছাত্ৰ। দৰিদ্ৰ পৰিয়ালটোক জুপুৰি সাঁজি থাকিবলৈ এক বান টিনপাত দিয়াৰ লগতে কিছু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰদান কৰে। উল্লেখ্য যে লক-ডাউনৰ সময়তো ছাত্ৰী কেইগৰাকীয়ে ভিন্ন হদয়বান লোকৰ সহযোগত  তিনি শতাধিক দু:খীয়া পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰিছিল।

Post a Comment

Previous Post Next Post