টীয়ক ৯ নং বলমা গাঁও পঞ্চায়তে আশা কৰ্মী আৰু ছাত্ৰ ছাত্ৰীক জনালে সম্বৰ্ধনা

টীয়ক ৯ নং বলমা গাঁও পঞ্চায়তে আশা কৰ্মী আৰু ছাত্ৰ ছাত্ৰীক জনালে সম্বৰ্ধনা


TEOK: যি সময়ত সমগ্ৰ বিশ্ব ক’ৰোনাৰ ত্ৰাসত ত্ৰস্তমান যি সময়ত দেশৰ  জনতা গৃহবন্দী সেই সময়তে কভিড ১৯ যুদ্ধৰ আগশাৰীৰ যুদ্ধা প্ৰতিমূহুত্বত  সেৱাৰ বাবে ৰাইজৰ কাষত থকা আশা কৰ্মীসকলে কিন্তু নূন্যতম সা সুবিধাৰে ভয়ংকৰ কভিডৰ বিৰোদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছে ৷ এই কৰ্মীসকল আৰু অতি নিষ্ঠাৰে নিজৰ দ্বায়িত্ব পালন কৰি সমাজখন ৰক্ষা কৰিবলৈ দিনে ৰাতিয়ে চেষ্টা অব্যাহত ৰাখি যি  মহানুভতা প্ৰদৰ্শন কৰিছে তাৰ প্ৰতি সন্মান জনাই আজি টীয়কৰ ৯নং বলমা গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ বৰুৱাৰ উদ্যোগত তথা পঞ্চায়খনৰ সকলো কৰ্মকৰ্তাৰ সহযোগত পঞ্চায়খনৰ অধীনস্থ ১৩ গৰাকীকৈ আগশাৰীৰ যুদ্ধা আশা কৰ্মীক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনাই আৰু তেওঁলোকৰ এই ত্যাগৰ শলাস লয়। লগতে ২০২০ বৰ্ষত পঞ্চায়তখনৰ অধীনস্থ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দেওনা পাৰ হোৱা মুঠ ৭৬ গৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা জনোৱা হয়। টীয়কৰ বেন গাৰ্ডেন স্কুলৰ প্ৰেক্ষাগৃহত অনুস্থিত এই অনুষ্ঠানত শিক্ষাবিদ ভুৱন বৰুৱা, বিপিন ওজা, হিমেন ভট্টাচাৰ্য, কলিয়াপানী মণ্ডল বিজেপিৰ  সম্পাদক  অভিজিত বৰুৱা, কবিতা হাতীবৰুৱা,পঞ্চায়ত সচিব অলিমাই বৰা, আঞ্চলিক সদস্য নিৰ্মলা ৰাজোৱাৰকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Post a Comment

Previous Post Next Post