মৰিগাঁৱৰ লাহৰীঘাটত প্ৰতিষ্ঠিত ব্যৱসায়িক ধন দাবী আৰু মৃত্যুৰ ভাবুকি প্ৰদান কৰি ৰঙা ঘৰৰ আলহী হ'ল যুৱক
মৰিগাঁৱৰ লাহৰীঘাটত প্ৰতিষ্ঠিত ব্যৱসায়িক ধন দাবী আৰু মৃত্যুৰ ভাবুকি প্ৰদান কৰি ৰঙা ঘৰৰ আলহী হ'ল যুৱক।ধৃত যুৱক জনৰ নাম আহাম্মদ উল্লাহ।উল্লেখ্য যে লাহৰীঘাটৰ গৰৈমাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ,সম্ৰাট মছলাৰ স্বৰ্তাধিকাৰী নুৰুল হুদাক অঞ্চলটোৰ আহাম্মদ উল্লাহ নামৰ যুৱক জনে সময়ে সময়ে ধন দাবী আৰু মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ লগতে উদ্যোগ বন্ধ কৰি দিয়াৰৈ ভাবুকি দিছিল।আনকি শেহতীয়াকৈ ব্যৱসায়ীজনৰ পিতৃকো ধৃত যুৱকজনে ভাবুকি দিয়ে।অৱশেষত ব্যৱসায়ী জনে যুৱকজনৰ বিৰুদ্ধে ১৫ জুনত বৰছলা আৰক্ষী চকীত দাখিল কৰিছিল এখন এজাহাৰ।এই এজাহাৰৰ ভিত্তিতে যোৱা নিশা যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ড বিধি ৪২৭/৪৩৬/৩৮৪/৫০৬ ধাৰাৰ অধীনত ১৯৬/২০ নম্বৰত এটি গোচৰ ৰুজু কৰি আজি যুৱকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে।

Tags
অসমীয়া বাতৰি