বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কচুদোলাত ১১ ফুট দৈৰ্ঘৰ অজগৰ সাপ উদ্ধাৰ

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কচুদোলাত ১১ ফুট দৈৰ্ঘৰ অজগৰ সাপ উদ্ধাৰ



মঙ্গল বাৰে যোগীঘোপাৰ কচুদোলা গাওঁত এঘৰ গাওঁবাসীৰ ঘৰত এডাল ১১ ফুট দৈৰ্ঘ ৰ প্ৰকাণ্ড অজগৰ সাপ দেখা পোৱা যায় ৷ঘৰৰ মানুহে পিছত স্থানীয় বন বিভাগত খবৰ দিব যাই যদিও,বন বিভাগ অফিচত কোনো লোক নথকাত ঘুৰি আহে ৷ শেষত স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱক গোপেন কলিতা আৰু তেওঁৰ সংগী দুজনে লগ হৈ অজগৰ ডাল উদ্ধাৰ কৰি লৈ গৈ কচুদোলা গাওঁ ৰ কাষৰীয়া ভৈৰৱচূৰা পাহাৰত এৰি দিয়ে ৷ খোৱা বস্তুৰ সন্ধানত প্ৰায়ে এনেকে অজগৰ সাপ,হৰিনা,কেতেলা পহু,বনৰীয়া গাহৰি আদি পাহাৰৰ পৰা নামি আহি দাতিকাষৰীয়া গাওঁ বিলাকত সোমাই বুলি গোপেন কলিতাই জনাই ৷

Post a Comment

Previous Post Next Post