লকডাউন, প্ৰাকৃতিক দুৰ্যোগে কৃষকক মাৰিলে চাৰিওফালে

লকডাউন, প্ৰাকৃতিক দুৰ্যোগে কৃষকক মাৰিলে চাৰিওফালে
News Nation Digital 24X7

অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন । লকডাউনৰ বাবে অসমৰ বিভিন্ন এলেকাৰ কৃষ্ণকৰ অবস্থা বৰ্ত্তমান মহাসংকোটজনক। তেনে অৱস্থাত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বগুৱান আমবাৰি ,জলেশ্বৰ, ৰজমিতা কাটাৰীহাৰা অঞ্চলৰ কৃষকৰ লগতে জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত মেদোৰটাৰী, চিৰাকুটী,জামাদাৰহাট, অঞ্চলৰ কৃষকৰ মাজত হাহাকাৰ অবস্থাত দিন অতিবাহিত কৰিবলগীয়া হৈছে। দফায় দফায় লকডাউনৰ ফলত এই সকল কৃষকৰ উৎপাদিত ফচল বেঙেনা, জিকা, ভেনডী ,পানীলাও আদি বিভিন্ন শাক-পাচলি বজাৰত বিক্ৰী কৰিব নোৱাৰি পথাৰতেই গেলী পোচি যাবলগীয়া হৈছে। আনফালে নেদেখা জনৰ প্ৰাকৃতিক দুৰ্যোগৰ ধুমুহা আৰু শীলাবৃষ্টিৰ ফলত ক্ষতি সাধন হোৱা ইৰীধান ,চাইনিজ ধান , বৰোধান, মৰাপাট আদিৰ বাবে ক্ষতিগ্ৰস্থ কৃষক সকলে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। এনে অৱস্থাত কৃষকৰ লগতে স্থানিয় বিধায়ক চাহাবুদ্দিন আহামেদে অসম চৰকাৰক খতিগ্ৰস্ত কৃষক সকলক তদন্ত কৰি   সাহায্য আগবঢ়াবলৈ দাবী জনায়।







Post a Comment

Previous Post Next Post