বিলুপ্তপ্ৰায় ইতিহাস উজ্জ্বলিতৰ প্ৰয়াস

বিলুপ্তপ্ৰায় ইতিহাস উজ্জ্বলিতৰ প্ৰয়াস
দক্ষিণ যোৰহাটৰ চৰ্দাৰ আলিত শিমলু পুলি ৰোপন
News Nation Digital 24X7


প্ৰায় দুই শতিকাৰ সাক্ষ্য বহনেৰে এক সুকীয়া পৰিচয় দি অহা দক্ষিণ যোৰহাটৰ ন-আলি - চৰ্দাৰ আলি সংযোগস্থলত থকা শিমলু গছজোপা ইতিহাস হয়। সেই ইতিহাস বিলুপ্ত হ'বলৈ নিদিয়াৰ প্ৰয়াসেৰে আজিৰ প্ৰজন্মই একে ঠাইতে পুনৰ শিমলু পুলি আজি ৰোপন কৰে। স্থানীয় সংবাদসেৱী বিনোদ গগৈয়ে সংবাদ আৰু সামাজিক মাধ্যম ফেইচবুক-ৱাটচএপত বহুলভাৱে প্ৰচাৰ কৰাত অঞ্চলটোৰ লগতে ভিন্ন প্ৰান্তৰ প্ৰকৃতিপ্ৰেমী আগবাঢ়ি আহে। শিমলু পুলি যোগান ধৰে ঐতিহাসিক মালৌ পথাৰৰ ত্ৰিশূল শইকীয়া আৰু অন্য এডোখৰ ঐতিহাসিক ঠাই বঙাল পুখুৰীৰ বাসিন্দা ভূপেন বৰগোহাঁয়ে। দক্ষিণ আতিলা গাঁওস্থিত জৈৱিক সাৰ প্ৰস্তুতকৰণ প্ৰতিষ্ঠান 'সেউজ সুবাস'ৰ বান্ধৈ মনোৰঞ্জন গগৈ আৰু যুৱ উদ্যোগী মণ্টু বৰুৱাই জৈৱিক সাৰ যোগান ধৰে। কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ তথা ক'ভিড- ১৯ৰ ভয়াবহতা সম্পৰ্কত ল'ব লগা সাৱধানেৰে লকডাউনৰ নিয়ম সম্পূৰ্ণভাৱে মানি ক্ষুদ্ৰ পত্ৰিকা আত্মপ্ৰকাশৰ সম্পাদক বিনোদ গগৈয়ে আহ্বান জনোৱা শিমলু পুলি ৰোপন কাৰ্যসূচীত আজি বিভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়াই সংগীত শিল্পী জিতুল গগৈ, স্বাৱলম্বী থানেশ্বৰ জিতুল বৰুৱা, মহিলা প্ৰতিনিধি তুতুমণী বৰুৱা, আত্ম প্ৰতিষ্ঠিত যুৱক বিকাশ গগৈ, স্বনিৰ্ভৰশীল তৰুণ বৰুৱা, পৰেশ শইকীয়া, মুৰব্বী অধ্যাপক ৰাণাজিৎ গগৈ, শিক্ষক ইন্দ্ৰজিৎ বৰুৱা, পুলি দাতা ত্ৰিশূল শইকীয়া, ভূপেন বৰগোহাঁই, সৈনিক কল্যাণ বিভাগৰ কাৰ্যালয় কনিষ্ঠ সহায়ক উত্তম কুমাৰ শইকীয়া, সমাজসেৱক ৰাজীৱ বৰুৱা, কবি লাটু গগৈ, সংস্কৃতিবান যুৱক নৱজ্যোতি গগৈ, উজনি তিমতিমীয়াৰ সমাজ সচেতন যুৱক নৱজ্যোতি গগৈ, শান্তনু গগৈ, লক্ষীন্দ্ৰ গগৈ, কুশল গগৈ, হীৰকজ্যোতি বৰুৱা, ছায়া প্ৰকাশ শেনচোৱা আৰু উৰিয়ামঘাটৰ যুৱক অংকুৰ কৃষ্টি কছাৰীয়ে। প্ৰকৃতিৰ প্ৰাকৃতিক দৃশ্য সুশোভিত কৰাৰ লগতে ঠাইডোখৰৰ শিমলুতল নাম অক্ষুণ্ণ ৰাখিবলৈ আজিৰ প্ৰজন্মই লোৱা প্ৰয়াস আদৰণীয় হয়। অন্যহাতে, কেইজনো বয়োজ্যেষ্ঠই সদ্যমৃত শিমলু গছজোপাৰ আয়ুস পাঁচ পুৰুষ বুলি জানিবলৈ দিছে।





Post a Comment

Previous Post Next Post