অস্তিত্বৰ সংকটত ৰাজ্যৰ মৃৎ শিল্প আৰু শিল্পী
চাৰি-পাঁচ পুৰুষৰ জীৱিকা নিৰ্বাহৰ সম্বল কুমাৰ শিল্পত চৰম আঘাত লকডাউনৰ। ফলত কুমাৰ- কুমাৰনীৰ শিল্পসত্ত্বা অস্ত্ৰবেলি।
হয় কবলৈ বিচাৰিছো মৰিগাঁও-নগাঁও সীমান্তৱৰ্তীৰ পৰিচয় হেৰুৱাৰ উপক্ৰম হোৱা এখন পুৰণি কলীয়াগাঁৱৰ দুখঃগাঁথা।
কুমাৰ গাঁও । নামেই যাৰ পৰিচয়। এক কথাত কুমাৰ গাঁৱৰ সত্ত্বাটোক বহু ত্যাগ স্বীকাৰ কৰি বৰ্তাই ৰাখিছে গাঁওখনৰ ৯০% পৰিয়ালে। গাঁও পাতিবৰ কালধৰি জীৱন- জীৱিকাৰ একমাত্ৰ সম্বল হৈছে মৃৎশিল্প। সম্প্ৰতি গাঁওখনৰ পুৰুষ, মহিলা, আৱাল- বৃদ্ধ- বনিতা সকলোৱে এই কৰ্মৰ লগত জড়িত । তেওঁলোকে প্ৰতিদিনে নিৰ্মাণ কৰি উলিওৱা শ শ মাটি -কলহ, টেকেলী, মাটি- চাঁকি, ঘট,ম 'লা আদি বিভিন্ন ধৰণৰ মাটিৰে তৈয়াৰী সামগ্ৰী । উল্লেখযোগ্য যে শেহতীয়াকৈ একাংশ মাইক্ৰ ফাইনেঞ্চৰ ঋণ লৈ ব্যৱসায় কৰি আহিছে তেওঁলোকে। পিছে দেশথ অব্যাহত থকা লকডাউনে কুমাৰ কুমাৰণী সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । প্ৰতিদিনে এই সমূহ সামগ্ৰী বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে যদিও এতিয়া বজাৰ বন্ধ হোৱাত পৰিয়াল সমূহৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।আনহাতে এই উদ্যোগৰ বাবে চৰকাৰে আঁচনি লৈছে যদিও সৰহ সংখ্যক লোকেই এই আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে । ফলশ্ৰুতিত খাদ্য সংকটে দেখা দিয়া এই পৰিয়াল সমূহে এতিয়া বিচাৰিছে হৃদয়ৱান লোকৰ সহায়ৰ হাত আৰু চৰকাৰী সাহাৰ্য।

Tags
অসমীয়া বাতৰি