গোৱালপাৰাৰ ৰাক্ষসিনীত ১৩ বছৰীয়া ছাত্ৰীক বলাৎকাৰ
আৰক্ষীৰ চকুত ধূলি দি পলাতক অপৰাধী,পৰিয়ালক গোচৰ তুলি লবলৈ অভিযুক্তৰ ভাবুকি
V/O গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীয়ে দিন -দুপৰতে বলাৎকাৰৰ চিকাৰ হৈছে।অপৰাধীৰ বিৰুদ্ধে মৰনৈ থানাৰ অন্তৰ্গত ডুবাপাৰা আৰক্ষী পহৰা চকীত ছাত্ৰী গৰাকীৰ পিতৃয়ে এজাহাৰ দাখিল কৰে যদিও আজি লৈকে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।উল্লেখ্য যে যোৱা ১০ মেত ১৩ বছৰীয়া ছাত্ৰী গৰাকীয়ে ঘৰত অকলে আছিল।সেই সময়তে পতিবেশী মহম্মদ মাষ্টৰৰ লম্পট পুত্ৰ ৰফিকুল ইছলাময়ে ছাত্ৰী গৰাকী ঘৰত অকলে থকাৰ সুযোগ লৈ ঘৰত প্ৰৱেশ কৰি জবৰদস্তি মুখত সোপা দি ছাত্ৰী গৰাকীক বলাৎকাৰ কৰে । এই সমগ্ৰ ঘটনা বিষয়ে ফোন যোগে প্ৰতিবেশীৰ পৰা অৱগত হৈ লগডাউনৰ বাবে গুৱাহাটীত আবদ্ধ হৈ থকা ছাত্রীগৰাকীৰ দিন হাজিৰা কৰা পিতৃয়ে পিছদিনা অশেষ কষ্ট কৰি ঘৰলৈ উভতি আহে।ঘৰত আহি ছোৱালী গৰাকীক সোধা পোচাৰ অন্তত প্ৰতিবেশী আৰু প্ৰত্যক্ষদশীৰ ভাষ্য লৈ ডুবা পাৰা আৰক্ষীক এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিত ছাত্ৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি ভুক্তভোগী ছাত্ৰী গৰাকীক আদালতত সাক্ষ্য দিয়াইছে যদিও আজি লৈকে অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা মৰনৈ,ডুবাপাৰা আৰক্ষীক ৰাইজে ধিক্কাৰ জনাইছে।
আৰক্ষীৰ চকুত ধূলি দি পলাতক অপৰাধী,পৰিয়ালক গোচৰ তুলি লবলৈ অভিযুক্তৰ ভাবুকি
Tags
অসমীয়া বাতৰি
