ৰাজ্যৰ চৌদিশে এতিয়া আগতীয়া বানপানীৰ তাণ্ডৱ

ৰাজ্যৰ চৌদিশে এতিয়া আগতীয়া বানপানীৰ তাণ্ডৱ

ৰাজ্যৰ চৌদিশে এতিয়া আগতীয়া বানপানীৰ তাণ্ডৱ ৷
 কি উজনি কি নামনি সকলোতে পানীয়ে যেন চলাইছে ধ্বংসলীলা ৷তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গড়াখহনীয়াই গৃহ হাৰা কৰিছে বহু লোকক ৷কৰোবাত যদি নাই নদী বান্ধ কৰোবাত আকৌ নদীয়ে সলাইছে সুতি ৷যেন প্ৰকৃতিয়ে ৰুদ্ৰ মূৰ্তি হে ধাৰণ কৰিছে ৷অভয়াপুৰীৰ পাচনীয়াতো একেই ৷মানাহ নদীয়ে সুতি সলাই সৃষ্টি কৰিছে প্ৰবল গৰাখহনীয়াৰ ৷নিতৌ ন ন অঞ্চল জাহ গৈছে নদীৰ বুকুত  ৷নদীৰ মাজত সৃষ্টি হৈছে দ্বীপৰ ৷ব্ৰহ্মপুত্ৰ আৰু মানাহ নদীৰ সংগম স্হলীলৈ ৰূপান্তৰ হৈছে অভয়াপুৰীৰ পাচনীয়া গাওঁ ৷ প্ৰায় এসপ্তাহত ১০০মিটাৰ অঞ্চল নদীৰ বুকুত জাহ গৈছে, গৃহহাৰা হৈছে ২০০ৰো অধিক লোক ৷প্ৰতি মূহূৰ্ততে ভয় আৰু শংকাৰ মাজেৰে গাওঁবাসীয়ে পাৰ কৰিছে সময় ৷যিকোনো মুহূৰ্ততে পাচনীয়া গাওঁৰ মহামায়া মন্দিৰটো জাহ যাব মানাহ নদীৰ বুকুত ৷মানাহ নদীয়ে সুতি সলোৱাৰ বাবে নদীৰ মাজতে সৃষ্টি হৈছে দ্বীপৰ। বিপদ সংকুল ভাৱে দ্বীপত থকা লোক সকলে নাওৰে পাৰ হৈছে প্ৰবল সোঁত থকা মানাহ নদী ৷গাওঁবাসীৰ চৰকাৰলৈ আহ্বান অতি শীঘ্ৰে কৰক ব্যৱস্থা নহ’লে পাচনীয়া গাওঁ মানাহ নদীৰ বুকুত জাহ যাবলৈ বেছি পৰ নাই ।




Post a Comment

Previous Post Next Post