লকডাউনৰ সময়ত প্ৰধানমন্ত্ৰীৰ দেশবাসীলৈ কি কি সাতটা পৰামৰ্শ, জানিবলে পঢ়ক
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰ ভাষণত ৩ মে লৈ লকদাউন বঢ়াই যি ৭ তা বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব দিছে সেইবোৰ ভাৰতবাসীক পালন কৰিব অন্তকৰণেৰে অনুৰোধ জনালোঁ
১:ঘৰত থকা ওপৰৰ বয়সৰ ব্যক্তিক, যিবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম বা আগৰ পৰাই কিছুমান বেমাৰ আছে তেনে বাক্তিক বিশেষ যত্ন লোৱাৰ আহ্বান।
২:লকডাউন আৰু সামাজিক ব্যৱধান বাধ্যতামূলক ভাবে পালন।ঘৰতে মাস্ক বনাই পিন্ধাটো বাধ্যতামূলক।
৩:ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভাৰতৰ আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰচাৰিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান(যেনে গৰম পানী নিয়মিত ভাৱে সেৱন)
৪: আৰোগ্য সেতু (Aarogya Setu Mobile App) ডাউনলোড কৰিবলৈ আহ্বান।
৫: এই সময়ত নিজৰ ঘৰৰ কাষৰ দুখীয়া মানুহক খোৱা লোৱাৰ ক্ষেত্ৰ ত সহানুভূতিশীল হবলৈ আহ্বান।
৬: এনে পৰিস্থিতিত যাতে মালিকপক্ষই চাকৰিৰ পৰা কোনো ব্যাক্তিকে বৰ্ষাস্ত নকৰে আৰু সুহৃদ হয় তাৰ বাবে আহ্বান।
৭: নিজৰ জীৱন উচৰ্গা কৰি ৰাইজৰ হকে কাম কৰি যোৱা ডক্টৰ, পুলিচ আৰু অন্যান্য জৰুৰীকালীন সেৱা ৰ লগত জড়িত বাক্তিক সন্মান আৰু সহযোগীতা কৰিবলে আহ্বান।