লকডাউনৰ মাজতে পহিলা ব'হাগৰ দিনটো পালন কৰিলে আৰক্ষীৰ লোকসকলে

লকডাউনৰ মাজতে পহিলা ব'হাগৰ দিনটো পালন কৰিলে আৰক্ষীৰ লোকসকলে
News Nation Digital 24X7



লকডাউনৰ মাজতে হেপাহৰ ৰঙালীক আদৰিলে ৰাজ্যবাসীয়ে । ক'ৰোনাতংকৰ বাবে বিহু উছাহত পানী পৰিলেও কিন্তু পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত বাদ পৰা নাই কোনেও। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় আৰক্ষীসকলো। বিগত ২১ দিন ধৰি দিন ৰাতি এক কৰি কৰ্তৱ্যৰ খাতিৰত ক'ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হোৱা আৰক্ষীৰ লোকসকলেও পহিলা ব'হাগৰ দিনটো পালন কৰে থানা চৌহদত। এই দৃশ্য বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ।


 সামাজিক দুৰত্ব বজাই ৰাখি আৰক্ষীৰ লোকসকলেও বিহু হুচৰি গাই উদযাপন কৰে বিহু। অসম আৰক্ষীয়ে ইতিমধ্যে মুকলি কৰা ক'ৰোনাৰ বিৰুদ্ধে সজাগতামুলক বিহু হুচৰিটো পৰিবেশন কৰে ভাৰপ্ৰাপ্ত বিষয়া দীপক শইকীয়াই। বিহুগীতৰ তালে তালে হাত চাপৰি বজাই সকলো আৰক্ষীৰ লগতে সহযোগিতা কৰে CISF ৰ জোৱানসকলেও।



Post a Comment

Previous Post Next Post