দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত ২ জন


দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত ২ জন




 আজি পুৱতি নিশা দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
# থিতাতে নিহত ২ জন যুৱক।আৰু এজন আহত
## চকা ব্রাছ হোৱাৰ ফলত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা।

আজি পুৱতি নিশা দৰঙৰ ধূলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনা ত থিতাতে নিহত হয় দুজন যুৱক।প্ৰত্যক্ষদৰ্শী জনোৱা মতে বেছিমৰি বিভিন্ন গাঁৱৰ পৰা কেঁচা চবজি ক্ৰয় কৰি গুৱাহাটীত বিক্ৰী কৰিব গৈ আছিল  তিনিজন ব্যক্তি। চালক সহ মুঠ চাৰিজন ব্যক্তি আছিল গাড়ী  খনত। AS 25 CC 9491 নম্বৰৰ মেজিক গাড়ীখনৰ ধূলা আৰক্ষী থানা পাৰ কৰা পাছতে  চকা ব্রাছ হোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰাই চালাক জনে। আৰু থিতাতে নিহত হয় দলগাওঁ থানা ৰ অন্তৰ্গত ৫নং বৰুৱাঝাৰ গাঁৱৰ আমিৰ আলি আৰু তহৰ আলি নামৰ ব্যক্তি দুজন   আনহাতে আমজাদ আলি নামৰ ব্যক্তি জন কিছু আঘাত প্ৰাপ্ত হয়। কিন্তু চালক জন ঘটনা স্থলীৰ পৰা পলায়ন কৰে। ধূলা আৰক্ষী থানা আৰু স্থানীয় ৰাইযে পঠিয়াই দিয়ে মৃত লোক দুজনৰ মৰুণোত্তৰ পৰীক্ষাৰ বাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত আৰু আহত আমজাদ আলি ক চিকিৎসাধীন হৈ আছে।

Post a Comment

Previous Post Next Post