গুৰু বিহুৰ দিনাই মৰিগাঁও- নগাঁও সীমান্তৱৰ্তী চোলাপাৰ গাঁৱৰ ডেৰকুৰি পৰিয়ালৰ মাজত মৰিগাঁৱৰ সঞ্জীৱন ভূঞাৰ আৰু ডেইজী বৰুৱাই বিতৰণ কৰিলে খাদ্য সম্ভাৰ



গুৰু বিহুৰ দিনাই মৰিগাঁও- নগাঁও সীমান্তৱৰ্তী চোলাপাৰ গাঁৱৰ ডেৰকুৰি পৰিয়ালৰ মাজত মৰিগাঁৱৰ সঞ্জীৱন ভূঞাৰ আৰু ডেইজী বৰুৱাই বিতৰণ কৰিলে  খাদ্য সম্ভাৰ
News Nation Digital 24X7


গুৰুকো কৰিবা       দান অ  দেউতা
        ভকত কৰিবা দান ;
গৰু বিহুৰ দিনাখন          ল'বা আশীৰ্বাদ
       তেহে পাবা বৈকুণ্ঠ থান।

       হয় গুৰু বিহুৰ দিনাই মৰিগাঁও- নগাঁও সীমান্তৱৰ্তী চোলাপাৰ গাঁৱৰ ডেৰকুৰি পৰিয়ালৰ মাজত মৰিগাঁৱৰ সঞ্জীৱন ভূঞাৰ আৰু ডেইজী বৰুৱাই বিতৰণ কৰিলে  খাদ্য সম্ভাৰ । ৯৯% কৃষিজীবি গাঁও খনত চাকৰি জীৱি তথা চৰকাৰী কৰ্মচাৰী নথকাৰ কাৰণে বঞ্চিত হৈ আছিল লকডাউনৰ  সাহাৰ্য্য ।সেয়েহে গাঁৱৰ খনৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ   উদ্যোগত মৰিগাঁৱৰ দম্পতী সঞ্জীৱন ভূঞাৰ আৰু ডেইজী বৰুৱাই গৰু বিহু দিনাই গাঁও খনত উপস্থিত হৈ অভাৱ গ্ৰস্ত লোকসকলৰ মাজত উপস্থিত হৈ কৰ'ণা ভাইৰাচৰ তথা লক ডাউনৰ সময়ত লবলগীয়া সামাজিক দূৰত্ব বজাই ৰখোৱাৰ লগতে আনকেতবোৰ পদক্ষেপৰ বিষয়ে লোক সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে বিহু ওলগ জনাই।

       উল্লেখযোগ্য যে নগাঁও- মৰিগাঁও সীমান্তৱৰ্তী চোলাপাৰ গাঁও বাসীলৈ শিবসাগৰৰ  প্ৰবাসী অসমীয়া তথা আমেৰিকাৰ
 নিউয়কৰ ৰ'ক ফিলাৰ ইউনিভাৰচিটিৰ পোষ্ট ডক্টৰেল এচচিয়েটৰ  গবেষিকা  ডঃ হাচনাহানা চেতিয়াই আৰ্থিকভাৱে সহায় আগবঢ়ায় ।
 আনহাতে গৰু বিহুৰ দিনাখন এনেদৰেই গাঁও বাসীৰ কাষত উপস্থিত হৈ এষাৰ মাত আৰু সাহাৰ্য্য আগবঢ়োৱাৰ বাবে গাঁও বাসীয়ে ফুলাম বিহুৱানৰে আদৰণি জনাই ভূঞা দম্পতীক শুভেচ্ছা জ্ঞাপন কৰে।





Post a Comment

Previous Post Next Post