বাক্সা জিলাৰ শালবাৰীত পথাৰতেই পকি সৰি গৈছে বিঘাই বিঘাই পাচলি
বিশ্বত মহামাৰী ৰূপ লোৱা কৰোনা ভাইৰাচৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দিয়া লক ডাউনে ৰাজ্যৰ খেতিয়ক সকলক যেন একপ্ৰকাৰ কোঙা কৰিপেলাইছে ৷ মাধমাৰ সোধাইছে খেতিয়কসকলক ৷ কপালৰ ঘাম মাটিত পেলাই কৰা পাচলি বিক্ৰী কৰিব নোৱাৰি এতিয়া দুখৰ গৰাহত ভিন্ন প্ৰান্তৰ খেতিয়ক ৷ এই দৃশ্য বাক্সা জিলাৰ শালবাৰীৰ৷ চাওক কেনেদৰে পথাৰতে নষ্ট হৈ গৈছে বেঙেনাৰ খেতি,বিলাহীৰ খেতি,তিতা কেৰেলাৰ খেতিৰ লগতে জিকা,ভোল,ভেণ্ডি,লেচেৰাৰ বিঘাই বিঘাই খেতি৷ শালবাৰীৰ বৰটাৰী নিবাসী হিমাংশু তালুকদাৰে নিজৰ ২০ বিঘা মাটিত অশেষ কষ্ট কৰি পাচলিৰ খেতি কৰিছিল যদিও একমাত্ৰ লক ডাউনৰ বাবেই উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱাৰি পথাৰতেই পকি সৰি যাব দিবলৈ বাধ্য হৈছে ৷ প্ৰায় এক লাখ চল্লিশ হাজাৰ টকা ব্যয় সাপেক্ষে পাচলিৰ খেতি কৰি এতিয়া যেন মূৰত সৰগহে ভাঙি পৰিছে হিমাংশু তালুকদাৰৰ৷ হিমাংশুৰ দৰে ৰাজ্যৰ বহু খেতিয়কৰ এই দুৰ্দশাক চৰকাৰে কেনেদৰে সহায়ৰ হাত আগবঢ়াব সেইয়াহে লক্ষণীয় হ’ব৷