বিনা পৰীক্ষাই বঙাইগাওঁত প্ৰৱেশ নিষেধ
ৰাজ্যৰ বিভিন্ন স্থানত কৰ্মৰত শ্ৰমিক তথা একাংশ গৃহাভিমুখী লোকৰ সুবিধাৰ্থে আজিৰে পৰা তিনিদিনৰ বাবে বাছসেৱা মুকলি কৰাৰ পিছতে গ্ৰীণ জ'ন বঙাইগাঁও জিলাৰ প্ৰশাসনক অধিক সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে। জিলা উপায়ুক্ত এম এছ লক্ষীপ্ৰিয়াৰ নিৰ্দেশত দুগৰাকীকৈ দণ্ডাধীশৰ উপস্থিতিত আৰক্ষী আৰু স্বাস্থ্যকৰ্মীয়ে জিলাখনত প্ৰৱেশ কৰা বাহন তথা লোকসকলক পৰীক্ষা কৰে। আনহাতে, ধুবুৰী আৰু বঙাইগাঁও জিলা সীমান্তৰে প্ৰৱেশ কৰা প্ৰতিখন বাহনৰে চালকক স্ক্ৰীনিং কৰাৰ উপৰিও E-PASS নোহোৱা প্ৰতিখন বাহনক জিলাত প্ৰৱেশত বাধা আৰোপ কৰে। আনহাতে, ৰাজ্যৰ বিভিন্ন স্থানত কৰ্মৰত গৃহাভিমুখী লোকসকলক কঢ়িয়াই অনা বাছসমুহ পৰীক্ষা কৰাৰ লগতে যাত্ৰীসকলকো ধুবুৰী-বঙাইগাঁও জিলাৰ সীমান্তৰ বহলপুৰত চাৰিটাকৈ স্ক্ৰীনিং শিবিৰত স্বাস্থ্য পৰীক্ষা কৰা পৰিলক্ষিত হয়