আদৰ্শ হওক টীয়ক আৰক্ষীৰ , এই জতিল সময়ত ঘৰে ঘৰে বিতৰণ কৰিলে ঔষধ
টীয়ক::: লক ডাউনৰ বাবে সদাব্যস্ত আৰক্ষীয়ে এতিয়া আৰু অধিক দ্বায়িত্ব সহকাৰে দিনক ৰাতি কৰি নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰিও জনসাধাৰণৰ বাবে নিজৰ কতব্য নিষ্ঠাৰে পালন কৰি আছে ।এনে ব্যস্ততাৰ মাজতো টীয়ক আৰক্ষীয়ে বৃহত্তৰ টীয়ক অঞ্চলৰ ভালেসংখ্যক দৰিদ্ৰ ব্যক্তিক ঔষধ প্ৰদান কৰি এক বিৰল মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে । লক ডাউনৰ সময়চোৱাত দৰিদ্ৰ সকলক সহায়ৰ বাবে টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপাংকৰ গগৈৰ নেতৃত্বত ঘৰে ঘৰে ঔষধ বিতৰণৰ ব্যৱস্থা কৰিছে।বিশেষকৈ যিখিনি ঔষধ টীয়কত উপলব্ধ নহয় তথা যোৰহাটৰ পৰা ক্ৰয় কৰিব লগা হয় তেনে ঔষধ বিশেষভাবে যোগান ধৰাৰ ব্যৱস্থা কৰিছে টীয়কৰ আৰক্ষীয়ে। টীয়ক আৰক্ষীৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে ।