কিমান জমা হল অসম আৰোগ্য নিধিত
কোৰোনা ৰ বিপক্ষে যুজ দিবলৈ ৰাজ্য চৰকাৰে মুকলি কৰিছিল অসম আৰোগ্য নিধি৷ বিভিন্ন জনে নিজ সামৰ্থ অনুযায়ী দান কৰিলে অসম আৰোগ্য নিধিত৷ এতিয়ালৈকে মুঠ 96.88 কোটি টকা জমা হৈছে৷ মুঠ 44,834 গৰাকী ব্যক্তিয়ে দান কৰিছে এই ধন খিনি৷ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দেৱে এক প্ৰতিবেদনত সদৰি কৰি বৰঙণি আগবঢ়োৱা লোকসকলোক ধন্যবাদ জ্ঞাপন কৰিছে৷