কোৰোনাৰ মাজতে ইণ্ডোনেছিয়াত ভয়ানক পকং ভূতৰ সন্ত্ৰাস৷ সমগ্ৰ দেশতে ওলাইছে পকং

কোৰোনাৰ মাজতে ইণ্ডোনেছিয়াত ভয়ানক পকং ভূতৰ সন্ত্ৰাস৷ সমগ্ৰ দেশতে ওলাইছে পকং
News Nation Digital 24X7


সমগ্ৰ বিশ্বতে কোৰোনাই সন্ত্ৰাস চলাই থাকোতে আন এক সন্ত্ৰাসে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ  ইণ্ডোনেছিয়াত৷ সমগ্ৰ ইণ্ডোনেছিয়াত ভয়ানক পকং ভূতে চলাইছে সন্ত্ৰাস৷ যেতিয়াই তেতিয়া যিকেনো ঠাইৰ  পৰা হথাৎ ওলাই আহিছে পকং৷ জনসাধাৰণ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে  পকংৰ সন্ত্ৰাসত৷ 

আছলতে এই ভূতবোৰ আছল ভয়ানক পকং ভূত নহয়৷ ইণ্ডোনেছিয়ান চৰকাৰে লকডাউনৰ সময়ত জনসাধাৰণক ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা এক অভিনৱ পন্থা৷ চৰকাৰে কিছুমান অভিনেতাক এই কামৰ দায়িত্ব দিছে৷ ইণ্ডোনেছিয়াত পকং ভূতৰ ইমানেই সন্ত্ৰাস যে চৰকাৰে লকডাউন সফল কৰিবলৈ পকংৰ সন্ত্ৰাসক কোৰোনাৰ পৰা বছাবলৈ এক আহিলা হিচাপে ব্যৱহাৰ কৰিছে৷ 


Post a Comment

Previous Post Next Post