ATM হেকাৰৰ কৱলত অভয়াপুৰীৰ SBI

ATM হেকাৰৰ কৱলত অভয়াপুৰীৰ SBI
News Nation Digital 24X7

লকডাউনৰ মাজতে চাইবাৰ অপৰাধীৰ চিকাৰ হ'ল শিক্ষক। অভয়াপুৰীত ষ্টেট  বেংকৰ পৰা উলিয়াই নিলে ৮৩ হেজাৰ টকা । ৪৩ বাৰ টকা উলিওৱাৰ পিছতো নাহিল বেংকৰ বাৰ্তা। বেংকৰ লোক জড়িত থকাৰ সন্দেহ । দিল্লীৰ নয়দাৰ পৰা উলিওৱা হৈছে সমগ্ৰ ধন।



দেশত লকডাউনৰ সুযোগ লৈ চাইবাৰ অপৰাধীৰ জাল। বঙাইগাঁও জিলাৰ অভয়াপুৰীত চাইবাৰ অপৰাধীৰ চিকাৰ হ'ল শিক্ষক। ভাৰতীয় ষ্টেট বেংকৰ অভয়াপুৰী শাখাৰ পৰা হেকাৰে উলিয়াই নিলে দৰমহাৰ সমস্ত ধন । জানিব পৰা ম'তে ৰামদাস চন্দ্ৰ সৰকাৰ নামৰ শিক্ষকগৰাকীয়ে লকডাউনৰ সময়ছোৱাত নিজ ঘৰতে আৱদ্ধ হৈ থকাৰ পিছত বৃহস্পতিবাৰে বেংকত উপস্থিত হৈ দৰমহাৰ তথ্য বিচাৰোতেই মুৰত সৰগ ভাঙি পৰে। কিয়নো ২২ দিনত ৪৩ বাৰ চাইবাৰ অপৰাধীয়ে তেওঁৰ বেংক একাউন্টৰ পৰা উলিয়াই নিয়ে মুঠ ৮৩ হেজাৰ টকা। বেংক কৰ্তৃপক্ষই লোকগৰাকীক জনোৱা ম'তে দিল্লীৰ নয়দাৰ পৰা চাইবাৰ অপৰাধীয়ে উক্ত ধন উলিয়াই নিয়া বুলি অৱগত কৰে। কিন্তু লক্ষনীয় বিষয়টো হ'ল যে, ৪৩ বাৰত বেংকৰ পৰা লোকজনলৈ নাহিল এটাও SMS । এইক্ষেত্ৰত বেংকৰ লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে শিক্ষকজনে। ইতিমধ্যে শিক্ষকগৰাকীয়ে অভযাপুৰী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

Post a Comment

Previous Post Next Post