শিক্ষামন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ড৹ এ পি জে আব্দুল কালাম মেমৰিয়েল পাব্লিক স্কুলৰ প্ৰশংসনীয় পদক্ষেপ

শিক্ষামন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ড৹ এ পি জে আব্দুল কালাম মেমৰিয়েল পাব্লিক স্কুলৰ প্ৰশংসনীয় পদক্ষেপ

News Nation Digital 24X7


শিক্ষামন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বৰপেটা জিলাৰ ড৹ এ পি জে আব্দুল কালাম মেমৰিয়েল পাব্লিক স্কুল ব্যক্তিগত ইংৰাজী মাধ্যমৰ CBSE বিদ্যালয় খনে ৰেহাই দিলে ৭০% তকৈও অধিক ভৰ্তি মাচুল৷ উল্লেখযোগ্য যে যোৱা কালি শিক্ষামন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মা দেৱে ব্যক্তিগত বিদ্যালয় সমূহক ৫০% মাচুল ৰেহাই দিবলৈ আহ্বান কৰিছিল৷ বিদ্যালয় খনে তৎখনিক ভাৱে ব্যৱস্থা লৈ ৭০% তকৈও অধিক ভৰ্তি মাচুল ৰেহাই দিয়ে৷  তাৰোপৰি যোৱা মাৰ্চ আৰু এপ্ৰিল মাহৰ মাহিলি মাচুল সম্পুৰ্ণ ৰেহাই দিয়ে৷ বিদ্যলয়খনৰ 2020-21 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি আৰম্ভ হৈছে আৰু নামভৰ্তিৰ দিন 13 আৰু 14 মে, 2020 ধাৰ্য্য কৰা হৈছে৷ লকডাউনৰ প্ৰতি সহাৰি জনাই আৰু অভিভাৱক সকলোৰ আৰ্থিক দিশৰ প্ৰতি লক্ষ্য ৰাখি  লকডাউন শেষ হোৱাৰ দহদিন পিছত নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে বুলি বিদ্যালয় কৃতপক্ষই জানিব দিয়ে৷ এই বিষয়ে বিদ্যলয় কৃতপক্ষই এক জাননী জাৰি কৰিছে৷


Post a Comment

Previous Post Next Post