মৰিগাঁও ময়নগুৰি আৰক্ষী কনিষ্টবল দুলাল দাসৰ প্ৰসংসনীয় পদক্ষেপ
দেশৰ লক্ ডাউনৰ সময়ত মহামাৰি ক'ৰণা ভাইৰাছে আতংকৰ সন্ত্ৰাস সৃষ্টি কৰা সময়তে মৰিগাঁও জিলাৰ ময়নগুৰি গাঁও আৰক্ষী কনিষ্টবল দুলাল দাস আৰু অংগন বাদি কৰ্মী লুকুমনি দাসে নিজা প্ৰচেষ্টাৰে সাধাৰণ ৰাইজক অত্যাবশ্যকীয় খাদ্য সামগ্ৰী লগতে বিহু বুলি এখাজ মাছ বিতৰণৰ পদক্ষেপ গ্ৰহণ কৰে ৷ গাঁও খনৰ কৰ্মচাৰী দুজনে আজি তেওঁলোকে গাঁৱৰ অঞ্চলৰ ৫০ পৰিয়াল কিছু সকাহ পোৱা উদেশ্যই এই পদক্ষেপ লয় বুলি জানিবলৈ দিয়ে।