কোকৰাঝাৰ জিলাৰ উপ জিলা আৰু সত্ৰ ন্যায়াধীশ বিদ্যুৎ মেধীৰ ৩ হেজাৰ টা পৰিয়ালক প্ৰায় ১০ লক্ষাধিক টকাৰ সাহাৰ্য্য
"আগন্তুক দহ বছৰ পিছত ক'ৰোনাতকৈ ভয়াবহ ভাইৰাছে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিব। উক্ত ভাইৰাছ সংক্ৰমনত ১০ কৌটিৰো অধিক লোকে প্ৰাণ হেৰুৱাব ।" দেওঁবাৰে বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত আৰ্তজনৰ কাষত থিয় হৈ ৰাইজক উদ্দেশ্যি উক্ত মন্তৱ্য কৰে কোকৰাঝাৰ জিলাৰ উপ জিলা আৰু সত্ৰ ন্যায়াধীশ বিদ্যুৎ মেধীয়ে। ন্যায়াধীশ গৰাকীয়ে কোকৰাঝাৰৰ "দ্য পিপলছ এইদ" নামৰ NGO ৰ দ্বাৰা বঙাইগাঁওৰ সৃজনগ্ৰামৰ তিনি শতাধিক পৰিয়ালক সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে। NGO টোৱে বৰ্তমানলৈ ৩ হেজাৰ টা পৰিয়ালক প্ৰায় ১০ লক্ষাধিক টকাৰ সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰা বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক। বিশেষকৈ গ্ৰামাঞ্চলৰ ককা আইতাহ'তক তেওঁলোকে পুৰ্বতেই ব্যৱহাৰ কৰা ৰীতি নীতি মানি চলিবলৈ আহ্বান জনাই সকলোকে সতৰ্ক আৰু সাৱধানতাৰে ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায় ৷