দৰঙৰ টাংনী নদীত অবৈধ মাটি খনন

দৰঙৰ টাংনী নদীত অবৈধ মাটি খনন

লকডাউনৰ মাজতে নদীত অবৈধ ভাৱে মাটি খনন

কেইবাখনো টেক্টৰেৰে অবৈধ ভাৱে মাটি খনন ৷

মাটি খননত বন বিভাগ জড়িত থকাৰ অভিযোগ ৷

শীৰ্ঘে মাটি খনন বন্ধ কৰাৰ দাবী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ৷

দৰঙত লকডাউনৰ সময়তে সংঘটিত হৈছে অবৈধ মাটি খনন কাৰ্য ৷ ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ লকডাউনৰ সময়তে  দৰঙ জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত  টাংনী নদীত কেইবাখনো টেক্টৰেৰে অবৈধ মাটি খনন কৰিছে একাংশ দুষ্ট চক্ৰই ৷ ৰাজ্য চৰকাৰে গৰাখহনীয়া ৰোধ কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ  কৰিছে যদিও টাংনী নদীত  ট্ৰেক্টৰেৰে মাটি কটা বন্ধ কৰিব পৰা নাই জিলা প্ৰশাসনে।  ধুলা আৰক্ষী থানাৰ নিচেই কাষতে থকা টাংনী নদীত দিনে নিশাই কেইবাখনো ট্ৰেক্ট্ৰৰেৰে মাটি খনন কৰাত সংকীত হৈ পৰিছে অঞ্চল বাসী ৰাইজ। খণ্ড বণ বিষয়াৰ কাৰ্যালয়ৰ কাষতে থকা টাংনী নদীত অবৈধ ভাৱে মাটি খনন কাৰ্যই ৰাইজৰ মাজত এতিয়া এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷ বন বিভাগ অবৈধ খনন কাৰ্যত জড়িত থকাৰো অভিযোগ উঠিছে । তাৎপৰ্যপূৰ্ণ কথা হল কিছুদিন আগতে টাংনী নদীত মাটি খননকাৰ্য্য চলি থকা অৱস্থাত দল সংগঠনে  বাধা প্ৰদান কৰিছিল যদিও বৰ্তমান খনন কাৰ্য্য চলি থকা সময়ত নিমাত দল সংগঠন তথা আৰক্ষী বিভাগ।খৰালি কালত হোৱা বানপানীৰ সময়ত বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে কৃষি প্ৰধান অঞ্চলটিত । অবৈধ খনন কাৰ্য্য ৰোধ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে।

Post a Comment

Previous Post Next Post