কৰ্ণাতক পুলিচৰ জঘন্য কাণ্ড
লকডাউনৰ মাজতে কৰ্ণাতক পুলিচে সংঘটিত কৰিলে এক নিন্দনীয় কাৰ্য৷ লকডাউনৰ বাহানা লৈ কিছু সংখ্যক পুলিচে কৰি আছে মৈমতালি৷ ছবিত দেখুওৱা লোকজন এজন কোব্ৰা কামাণ্ডৰ জোৱান শচিন সুনীল সাৱান্ত৷ জানিব পৰা মতে জেৱানজনে নিজ ঘৰৰ চোতালত নিজৰ বাইক খন ধুই আছিল ৷
সেই সময়তে তেওৰ ঘৰৰ সন্মুখেৰে পুলিচৰ বাহন এখন আহে আৰু জোৱানজনে মাস্ক পৰিধান নকৰাৰ বাবে জোৱানজনক বেয়া ব্যৱহাৰ কৰে৷ জোৱানজনে ঘৰত থকা বাবে মাস্ক ব্যৱহাৰ নকৰাৰ কথা আৰক্ষীক জনায়৷ কিন্তু আৰক্ষীয়ে জেৱানজনক এজন দাগী অপৰাধীৰ দৰে শিকলি লগাই থানালৈ খোজকঢ়াই লৈ যায় আৰু শাৰীৰীক ভাবে অত্যাচাৰ কৰে৷ জোৱানজনৰ ওপৰত IPC 353, 504 আৰু 505 ৰ অধীনত গেচৰ ৰুজু কৰা হৈছে৷ CRPF এ এই সন্দৰ্ভত নিজা হিচাপে তদন্ত আৰম্ভ কৰিছে৷ ঘটনাটোৰ কাৰণে কৰ্ণাতক আৰক্ষীক সকলোৱে গৰিহনা দিছে৷