সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ মৰিগাঁও ভ্ৰমণ কৰি বুজ ললে শিশু গৃহ আৰু বৃদ্ধা আৱাস
সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই সোমাবাৰে মৰিগাঁও ভ্ৰমণ কৰি শিশু গৃহ আৰু বৃদ্ধা আৱাস গৃহ সমূহৰ পৰিবেশ আৰু পৰিস্থিতি বুজ লয়। বিশেষকৈ শিশু গৃহত থকা শিশু সকল আৰু বৃদ্ধা আৱাসত থকা বৃদ্ধা সকল যাতে অনাহাৰে থাকিব লগীয়া নহয় বা খাদ্য সংকটৰ সন্মুখীন হ'ব লগীয়া নহয় তাৰ ওপৰত নজৰ দিয়া মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনক এইক্ষেত্ৰত বিশেষ ভাবে গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই। মৰিগাঁও জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত ডাঃ তহিদুৰ ৰহমান,সমাজ কল্যাণ বিভাগ অসমৰ যুটীয়া স্বাস্থ্য সঞ্চালক মণিদীপা শইকীয়া ,জিলা সমাজ কল্যাণ বিষয়া দেৱজিত বৰা,অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাষীশ বৰুৱাকে আদি কৰি মন্ত্ৰী গৰাকীক জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী সকলে সংগ দিয়ে। মন্ত্ৰী গৰাকীয়ে মৰিগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈ মৰিগাঁও নগৰৰ এৰাগাঁৱত থকা শিশু গৃহ,মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ওচৰত থকা শ্ৰৰ্দ্ধা গৃহ আৰু ন-ভেটিত থকা উজ্জলা গৃহ পৰিদৰ্শন কৰি শিশু আৰু বৃদ্ধা সকলৰ মাজত খাদ্য সামগ্ৰী আৰু চেনিটাইজাৰ বিতৰণ কৰাৰ উপৰিও জাগীৰোডৰ পালি গুৰিত পৌঢ় মহিলা সকলৰ ওচৰত বিতৰণ কৰে খাদ্য সম্ভাৰ । ইফালে মৰিগাঁৱত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী সোণোৱাল আৰু প্ৰধানমন্ত্ৰীৰ মোদীৰ প্ৰসংগ উত্থাপন কৰি সমাজ তথা সংবাদ মাধ্যমে সমালোচনা কৰাৰ আশংকাৰ বাবে খবৰ ল'ব পৰা নাছিল ৰাজ্যৰ এই সমূহ বৃদ্ধ আৰু শিশুৰ। সেয়ে হ'লেও মন্ত্ৰী গৰাকীয়ে শনিবাৰৰ পৰা এনেদৰে খবৰ লোৱাৰ বিষয়ে সদৰী কৰি ৰাজ্যৰ প্ৰতিখন জিলা লৈ যাব বুলি মন্তব্য কৰে ।